NORTHEAST NOW (Assamese)

হকে-বিহকে সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপি নেতাক একো নোকোৱা মোদীৰ এইবাৰ মন্ত্ৰীমণ্ডলীক নিৰ্দেশ- ‘অযথা কোনেও একো মন্তব্য নকৰিব’

June 11, 2024 2:37 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজক সমালোচনা কৰিব বিৰোধী শিবিৰে। কিন্তু যাতে মন্ত্ৰীসকল নিজেই সমালোচনাৰ কাৰণ নহয়, এই বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন মন্ত্ৰীসভা গঠনৰ পাছত দিয়া বাৰ্তা। সোমবাৰে প্ৰধানমন্ত্ৰী মোদী নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ সৈতে এক বিস্তৃত বৈঠকত মিলিত হয়। সূত্ৰৰ মতে, কোনো বিষয়ত কোনেও অপ্ৰয়োজনীয় মন্তব্য কৰিব নালাগে বুলি স্পষ্টকৈ মোদীয়ে উল্লেখ কৰে৷

বিভিন্ন সময়ত দেখা গৈছে যে বিজেপিৰ নেতা-মন্ত্ৰীসকলে বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য আগবঢ়াইছে যিয়ে পাছলৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। নিৰ্বাচনৰ সময়ত বিৰোধীৰ অন্যতম আহিলা হৈ পৰিছে এই মন্তব্যসমূহ। প্ৰধানমন্ত্ৰী মোদীয়ে এই পৰিস্থিতি হোৱাটো নিবিচাৰে। গতিকে কেবিনেট বৈঠকৰ প্ৰথম দিনাই এই কথা স্পষ্ট কৰি দিয়ে।

সূত্ৰ অনুসৰি মোদীয়ে নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলক কোনো বিষয়ত ৰাজহুৱা স্থানত অপ্ৰয়োজনীয়, অবাঞ্চিত মন্তব্য নকৰিবলৈ নিৰ্দেশ দিছে। আৰু মন্ত্ৰালয়ৰ লগত জড়িত নোহোৱা বিষয়ত কোনো মন্তব্য কৰাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদীয়েও প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ কৈছে।

উল্লেখ্য যে, দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত এক বৰ্ণিল অনুষ্ঠানত নৰেন্দ্ৰ মোদীকে ধৰি ৭২গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বহু অংশীদাৰ দল আছে। বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে মিত্ৰজোঁটৰ চৰকাৰত তেলেগু দেশম পাৰ্টি, জেডি(ইউ), হিন্দুস্তান আৱাম মৰ্চা, একনাথ সিন্দেৰ শিৱসেনা আদি কেইবাটাও আঞ্চলিক দলে গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

পূৰ্বৰ মন্ত্ৰীসভাৰ চাৰিজন সদস্য এই মোদী চৰকাৰৰ শীৰ্ষ চাৰিটাত আছে। অমিত শ্বাহ পুনৰ গৃহমন্ত্ৰী, ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী। ইয়াৰ উপৰিও নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী আৰু এছ জয়শংকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ উপৰিও বিজেপিৰ সভাপতিৰ পৰা মন্ত্ৰালয়লৈ উন্নীত হোৱা জে পি নাড্ডাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় লাভ কৰাৰ উপৰিও তেওঁক ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হয়।

Related News