পঞ্জাৱৰ মোহালী জিলাৰ ঔদ্যোগিক এলেকাৰ নৱম পৰ্যায়ত অৱস্থিত এটা হাই-টেক গেছ প্ৰাইভেট লিমিটেডৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত মঙলবাৰে পুৱা এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এই বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হৈছে।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰমণ্ডীপ সিং হান্সৰ মতে, পুৱা প্ৰায় ৯ বজাত এখন ট্ৰাকত চিলিণ্ডাৰ ভৰোৱাৰ সময়ত এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। মৃতকৰ পৰিচয় আছিফ (লক্ষ্ণৌৰ বাসিন্দা) আৰু দৱিন্দৰ বুলি নিশ্চিত হৈছে। আহতসকলক মোহালীৰ চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে, আৰু তেওঁলোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
বিস্ফোৰণত কাৰখানাৰ লগতে ওচৰৰ অট্টালিকাৰ খিৰিকী-দুৱাৰো ছিন্নভিন্ন হৈ পৰিছে। এজন স্থানীয় বাসিন্দাই জনোৱা মতে, চিলিণ্ডাৰৰ ধ্বংসাৱশেষ প্ৰায় এটা কিলোমিটাৰ দূৰৈৰ কাম্বালা গাঁৱতো পৰিছে।
এছ এছ পি হৰমণ্ডীপ সিং হান্সে জনোৱা মতে, সম্ভাৱ্য গাফিলতিৰ বিষয়ে তদন্ত কৰা হ’ব। আৰক্ষীয়ে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে পৰামৰ্শ কৰি উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি সদৰী কৰিছে। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে চিলিণ্ডাৰ এটাৰ বিস্ফোৰণৰ ফলত শৃংখলাবদ্ধ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, যাৰ ফলত ওচৰৰ চিলিণ্ডাৰবোৰো বিস্ফোৰিত হৈছিল।
উল্লেখ্য যে এই হাই-টেক গেছ প্ৰাইভেট লিমিটেডে অঞ্চলটোৰ কেইবাখনো চৰকাৰী চিকিৎসালয়লৈ মেডিকেল গ্ৰেডৰ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰে। এই কাৰখানাত নিয়মীয়া কামৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।