• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থমকিল ইষ্ট বেংগল: অভিলেখ ১৭বাৰৰ বাবে ডুৰাণ্ড কাপত চুমুক দিলে মোহন বাগানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 8:01 pm
Durand Cup
3.4k
VIEWS
Share on FacebookShare on Twitter

দুই বংগ শক্তি; ভাৰতীয় ফুটবলত এই দুই বংগ শক্তিৰ আছে একচেতিয়া আধিপত্য। কেৱল সিমানেই নে, এই দুই শক্তিৰ মুখামুখি মানেই ভাৰতীয় ফুটবল অনুৰাগীৰ উৎকণ্ঠিত মুখ; এয়া দশক দশক পুৰণি চিনাকি দৃশ্য, যি এতিয়াও সামৰি ৰাখিছে ভাৰতীয় ফুটবলক।

এই দুই বংগ শক্তিৰে তীব্ৰ প্ৰতিদ্বদন্দিতাই আজি পুনৰ এবাৰ ভাৰতীয় ফুটবলক দিলে প্ৰাণ। আৰু অৱশেষত তীব্ৰ প্ৰতিদ্বন্দ্বী ইষ্ট বেংগলক পৰাস্ত কৰি ঐতিহাসিক ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিলে মোহন বাগান ছুপাৰ জায়েণ্টে।

খেলৰ প্ৰায় আধাঘণ্টা সময় ধৰি ১০ জন খেলুৱৈৰেই ইষ্ট বেংগলক ৰুদ্ধ কৰি একমাত্ৰ গলৰ ব্যৱধানত অভিলেখ সংখ্যক ১৭ বাৰৰ বাবে মোহন বাগানে জয় কৰিলে ডুৰাণ্ড কাপ। ৭১ মিনিটত দিমিট্ৰি পেট্ৰাট’ছৰ গলে মোহন বাগানক দিয়ে আকাংক্ষিত বিজয়।

তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচখনৰ প্ৰথমাৰ্ধ সমাপ্ত পৰে গলশূন্যভাৱে। দ্বিতীয়াৰ্ধতো আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে ৬১ মিনিটত জেভিয়াৰ চিভেৰিঅ’ক বিধিনিষিদ্ধ ফাউল কৰি ৰেড কাৰ্ড খাব লগীয়া হয় মোহন বাগানৰ অনিৰুদ্ধ থাপাই।

এনে অৱস্থাত স্বাভাৱিকতেই বিপদত পৰে ভাৰতীয় ফুটবল ইতিহাসৰে মহাশক্তিধৰ দলটো। পিছে এই দহজনীয়া শক্তিৰেই প্ৰতিপক্ষ ইষ্ট বেংগলৰ সৈতে তুমুল যুঁজত অৱতীৰ্ণ হয় দলটো আৰু পেট্ৰাট’ছৰ গলটোৰেই নিশ্চিত কৰে বিজয়।

শহর আমাদেরই 💚♥️#MBSG #JoyMohunBagan #আমরাসবুজমেরুন pic.twitter.com/ya24C0f31Q

— Mohun Bagan Super Giant (@mohunbagansg) September 3, 2023

লক্ষণীয়ভাৱে, ডুৰাণ্ড কাপৰ ইতিহাসত দ্বাদশ বাৰৰ বাবে ফাইনেলত মুখামুখি হৈছিল মোহন বাগান আৰু ইষ্ট বেংগল। এই দুই শক্তিয়েই ঐতিহাসিক প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈ আহিছে।

দুয়োটা দলে ইতিপূৰ্বে ১৬ বাৰকৈ ডুৰাণ্ড কাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল যদিও আজিৰ সাফল্যৰ পিছত ইষ্ট বেংগলক অতিক্ৰম কৰিবলৈ সক্ষম হয় মোহন বাগান।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd