সুদখোৰৰ অত্যাচাৰত সাজি থকা ঘৰত থকা আৰু নহ’ল নগাঁৱৰ শিক্ষকৰ

nagaon

প্ৰতীকী ছবি। ইণ্টাৰনে’টৰ।

নিজ কন্যাৰ চিকিৎসাত ব্যয়ৰ বাবে ধন লৈ সুদখোৰৰ “অত্যাচাৰ”ত নিৰঞ্জন হাজৰিকা নামৰ এজন শিক্ষকে আত্মহত্যা কৰাৰ এটা মৰ্মান্তিক ঘটনাই নগাঁৱত শোকৰ ছাঁ পেলাইছে।

উৰিয়াগাওঁ অঞ্চলৰ চুতীয়া গাঁৱত নিৰ্মীয়মান বাসগৃহতে চিপ লৈ মৰি থকা অৱস্থাত শিক্ষকজনক দেখি আৰক্ষীক খবৰ দিয়ে ওচৰ চুবুৰীয়াই। শনিবাৰে ৰাতি শিক্ষকজনে আত্মহত্যা কৰা বুলি ধাৰণা কৰিছে স্থানীয় লোকে।

মৃতদেহৰ পৰা উদ্ধাৰ কৰাৰ এটা চুইচাইড ন’টত শিক্ষকজনে সুদখোৰৰ অত্যাচাৰত আত্মহত্যা কৰাৰ কথা লিখাৰ লগতে ক’ক আৰু ফাগুনী নামৰ ২জন সুদখোৰৰ নাম লিখি গৈছে, জনাইছে আৰক্ষী সূত্ৰই।

জানিব পৰা মতে কেইদিনমান আগতে সুদখোৰে আহি ঘৰতে শিক্ষকজনক টকা বিচাৰি ভাবুকি প্ৰদান কৰা লগতে টকা আদায় নিদিলে পৰিয়ালৰ আটাইকেইজন সদস্যকে ঘৰৰ পৰা চোঁচৰাই নিয়াৰ ভাবুকি দিছিল।

অলেখ ধন ভৰি চিকিৎসা কৰোৱা সত্ত্বেও নিজ সন্তানক মৃত্যুৰ পৰা বচাব নোৱাৰাৰ শোকৰ সমান্তৰালকৈ সুদখোৰৰ আচৰণত অস্থিৰ হৈ শনিবাৰে তেওঁ এই চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। দুয়োটা বৃক্ক বিকল হোৱা নিজৰ জীয়েকৰ চিকিৎসা কৰাবলৈ সুদলৈ টকা লৈছিল কৰৈয়নী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হাজৰিকাই।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে, কিন্তু পৰিয়ালৰ লোকে এতিয়ালৈকে অভিযোগ দাখিল কৰা নাই বুলি জানিব পৰা গৈছে।

পত্নী আৰু এটি পুত্ৰ সন্তানক এৰি গৈছে হাজৰিকাই।

ৰাইজে সুদখোৰসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনাইছে। ইফালে এই সুদৰ ব্যৱসায়ৰ লগত একাংশ চৰকাৰী কৰ্মচাৰীৰ লগতে খোদ আৰক্ষীৰ দুজনমান কনিষ্টবল জড়িত হৈ থকা বুলিও অভিযোগ উঠিছে।

জিলাখনত সুদখোৰৰ উপদ্ৰৱত ইয়াৰ পূৰ্বেও কেইবাজনো লোকে আত্মহত্যা কৰাৰ ঘটনা ঘটিছে। ৰাইজৰ অভিজ্ঞতা মতে সুদ পৰিশোধ কৰিব নোৱাৰিলে গুণ্ডা লগাই ভাবুকি দিয়া এই ব্যৱসায়ীসকলে ধন দিয়াৰ বাবদ মাটিৰ দলিল, আ-অলংকাৰৰ লগতে আনকি এ টি এম কাৰ্ডো ৰাখি থয়। তেওঁলোকে আনকি ধৰুৱাসকলৰ এ টি এমৰ পাছৱৰ্দো ৰাখি থয় আৰু নিজেই একাউণ্টৰ পৰা ধন উলিয়াই লয়।