পঞ্জাৱী গায়ক মুছেৱালাৰ দেহত ১৯ টা গুলীৰ আঘাতৰ চিন, আক্ৰমণৰ ১৫ মিনিট পিছতে মৃত্যু ঘটিছিল মুছেৱালাৰ

দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৱে এতিয়াও উত্তপ্ত কৰি ৰাখিছে পঞ্জাৱক। ইয়াৰ মাজতে প্ৰকাশ পাইছে মুছেৱালাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি মুছেৱালাৰ দেহত মুঠ ১৯ টা গুলী লাগিছিল।মুছেৱালাৰ বৃক্ক, যকৃত, হাঁওফাঁও আৰু মেৰুদণ্ড গুলীৰ আঘাতত অকামিলা হৈ পৰিছিল।

আক্ৰমণৰ ১৫ মিনিটৰ ভিতৰতে মুছেৱাৰাৰ মৃত্যু হৈছিল। আক্ৰমণটোত এ এন ৯৪ ৰাছিয়ান এছল্ট ৰাইফল ব্যৱহাৰ কৰা হৈছিল ।
উল্লেখ্য সিদ্ধু মুছেৱালাক দেওবাৰে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা হৈছিল। চৰকাৰী নিৰাপত্তা প্ৰত্যহাৰ কৰাৰ এদিন পিছতেই তেওঁক হত্যা কৰা হৈছিল।

ইপিনে মুছেৱালাৰ হত্যাৰ পিছতে পঞ্জাৱ চৰকাৰে নিৰাপত্তা প্ৰত্যাহাৰ কৰা ৪২৪ গৰাকী লোকৰ নিৰাপত্তাৰক্ষী পুনৰ বাহাল ৰখাৰ সিদ্ধান্ত লৈছে।