অতি বৃষ্টিত ডুবি আছে হায়দৰাবাদ : অতিপাত বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা ৫০ৰো অধিক লোকৰ মৃত্যু

Hyderabad-water-logging

অতিপাত বৃষ্টিৰ ফলত জন জীৱন স্তব্ধ হৈ পৰিছে নিজামৰ চহৰ হায়দৰাবাদ। যোৱা নিশাও চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণ হৈছে।

এই পৰ্যন্ত অতি বৃষ্টিৰ ফলত হায়দৰাবাদত অতি কমেও ৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

কেবা হাজাৰ কোটিৰো অধিক সা-সম্পত্তি নষ্ট হৈছে বুলি ধাৰণা কৰা হৈছে।

শনিবাৰে ৰাতি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চহৰখনৰ বিস্তৃণ অঞ্চল জলমগ্ন হৈ পৰিছে।

ইফালে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা চাৰি দিন পৰ্যন্ত চহৰখনত অতিবৃষ্টি হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। যাৰ ফলত আতংকিত হৈ পৰিছে হায়দৰবাদবাসী।

উল্লেখ্য যে যোৱা মংগলবাৰে চহৰখনত সৰ্বাধিক ১৯০ মিলিমিটাৰ বৰষুণ হৈছিল। ইয়াৰ পিছতে বৰষুণৰ পৰিমাণ কিছু কমিছিল যদিও শনিবাৰে নিশা ১৫০ মিলিমিটাৰলৈ বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ।

ইফালে বৰষুণৰ ফলত চহৰখনৰ পথসমূহত দুই ফুট উচ্চতালৈ পানী জমা হৈছে।

উল্লেখ্য যে যোৱা কিছু দিনৰ পৰা অন্ধ্ৰ উপকূলত সৃষ্টি হোৱা অতিচাপৰ ফলত সমগ্ৰ তেলেংগানাত তীব্ৰ বৃষ্টিপাত হৈ আছে আৰু ইয়াৰ ফলত হায়দৰাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰিছে।

এই বৃষ্টিপাতৰ ফলত হোৱা প্ৰচণ্ড বানপানীয়ে ইতিমধ্যে তেলেংগানাৰ বহু কেইখন জিলাকো ক্ষতিগ্ৰস্ত কৰিছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বানপানীৰ ফলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

দেশৰ বিভিন্ন স্থানৰ নাগৰিকে তেলেংগানাৰ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

ছ’চিয়েল মিডিয়াতো ‘তেলেংগানাৰ সৈতে থিয় হওঁক’ ট্ৰেণ্ড কৰা দেখা গৈছে।

বানপানীৰ কৱলত আৱদ্ধ হৈ পৰা নাগৰিক সকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় সেনা বাহিনীৰ দল প্ৰথমৰ পৰা মোতায়েন কৰা হৈছে।