NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনত গণনাই নহ’ল ১০ লাখতকৈও অধিক ভোট : চাঞ্চল্যকৰ তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

December 28, 2024 3:50 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ পিছতো ভোটাৰৰ সংখ্যা কেইবা কোটি বৃদ্ধি পাইছে। এই তথ্য নিৰ্বাচন আয়োগে অৱগত কৰিছে।

চাঞ্চল্যকৰভাৱে আয়োগে কয় যে যোৱা লোকসভা নিৰ্বাচনত প্ৰায় ১০.৫০ লাখ ভোট গণনা কৰা হোৱা নাছিল। কোনোবা নহয় কোনোবা কাৰণত বৃহৎ সংখ্যক ভোট হয় বাতিল কৰা হল।

শেহতীয়াকৈ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰিছে। সেই তথ্য অনুসৰি এইবাৰৰ নিৰ্বাচনত পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৯৭ কোটি ৯৮ লাখ। যিটো ২০১৯ চনৰ তুলনাত ৭.৪৩ শতাংশ বেছি। ইয়াৰে ২০২৪ চনত প্ৰায় ৬৪ কোটি ৬৪ লাখ ভোটাৰে ভোটদান কৰিছিল। চূড়ান্ত ভোটদানৰ হাৰ ৬৫.৯৭৮ শতাংশ। যিটো ২০১৯ আৰু ২০১৪ চনৰ তুলনাত তেনেই কম। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ১.৩ শতাংশ ভোট হ্ৰাস পাইছে।

চাঞ্চল্যকৰভাৱে আয়োগে দিয়া তথ্যত কোৱা হৈছে যে মুঠতে প্ৰায় ১০.৫৮ লাখ ভোট গণনা কৰা হোৱা নাছিল।

Related News