Students Suicide in India ভাৰতত ২০২০ বৰ্ষত ১২ হাজাৰতকৈয়ো অধিক শিক্ষাৰ্থীয়ে কৰিছে আত্মহত্যা

5evuq9is_dead-body-generic_625x300_28_August_18-750x375

প্ৰতিনিধিত্বমূলক ফটো।

Students Suicide in India কৰ’নাভাইৰাছ অতিমাৰীয়ে সমগ্ৰ বিশ্বতে ব্যাপক ক্ষতি কৰিছে। কিন্তু সেই ক্ষতিৰ সম্পূৰ্ণ হিচাপ-নিকাচ হয়তো কেতিয়াও পোৱা নাযাব।

কৰ’নাৰ কালান্তক পৰিস্থিতিত লাখ লাখ মানুহ মৃত্যু হৈছে। ইয়াৰে বহুতেই কৰ’নাৰ বাবে সকলো স্থবিৰ হৈ পৰাৰ পৰিণতিতে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে।

শেহতীয়া এক পৰিসংখ্যা মতে ২০২০ বৰ্ষত ভাৰতত ১২,৫০০ শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। দেশত প্ৰতিদিনে গড়ে ৩৪জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে।

বৃহস্পতিবাৰে টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ পোৱা প্ৰতিবেদনৰ তথ্য অনুসৰি ২০২০ চনত ভাৰতত মুঠ ১২ হাজাৰ ৫২৬গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। ২০১৯চনৰ তুলনাত এই সংখ্যা ২১ শতাংশ অধিক।

Also Read: Heinous Murder চতিয়াত নৃশংস হত্যাকাণ্ড; শহুৰেকক দাৰে ঘপিয়াই হত্যা জোৱায়েকৰ

সাধাৰণতে মানসিক চাপ, হতাশগ্ৰস্ততাৰ ফলতে কোনোৱে আত্মহননৰ দৰে চচৰম সিদ্ধান্ত গ্ৰহণ কৰে যদিও দেখা যায় যে বিগত বছৰত কৰ’না পৰিস্থিতি শিক্ষাক্ষীসকলৰ ওপৰত তেনেদৰে পৰীক্ষাৰ চাপ নাছিল।

মনস্তত্ত্ববিদ সকলৰ ধাৰণা কৰ’নাৰ লগতে সামাজিক, অৰ্থনৈতিক তথা পাৰিবাৰিক পৰিৱেশৰ অবাঞ্চিত পৰিৱৰ্তনৰ বাবেই হয়তো এইদৰে ভাৰতত শিক্ষাৰ্থীসকলৰ মাজত আত্মহননৰ প্ৰৱণতা বৃদ্ধি পাইছে।