পাইলটৰ তৎপৰতাত নিশ্চিত বিপদৰ পৰা বাছিল ৩ শতাধিক বিমানযাত্ৰী

flight

প্ৰতিনিধিত্বমূলক ছবি

পাইলটৰ তৎপৰতাৰ বাবে দেওবাৰে কথমপি প্ৰাণ ৰক্ষা পৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বিমানবন্দৰ অভিমুখে উৰা মৰা দুখনকৈ যাত্ৰীবাহী বিমানত থকা ৩শতাধিক যাত্ৰীৰ।

উল্লেখযোগ্য যে কালি আবেলি ৫:৩০ বজাত ১৫৯ গৰাকী যাত্ৰী লৈ বৰঝাৰৰ পৰা কলকাতা অভিমুখে উৰা মৰা এয়াৰ এছিয়াৰ আই ৫৫৩৯ বিমানখনে কলকাতা পেৱাৰ পূৰ্বে মাজ আকাশত প্ৰচণ্ড ধুমুহা-বৰষুণৰ কবলত পৰে। ফলত বিমানবন্দৰটোৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰলে নিৰ্দেশ দিয়াত বিমানৰ পাইলটক গতিপথ সলনি কৰি ভুৱনেশ্বৰ বিমানবন্দৰত সন্ধিয়া ৬:৫৫ বজাত বিমানখনৰ জৰুৰী অৱতৰণ কৰায়। অৱশ্যে ধুমুহা-বৰষুণ শাম কটাৰ পিছত নিশা ৯:২০ বিমানখন কলকাতা বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে।

একে পৰিস্থিতিৰ সন্মুখীন হয় সন্ধিয়া ৬:১৫ বজাত বৰঝাৰৰ পৰা ১৪৯ গৰাকী যাত্ৰী লৈ কলকাতা অভিমুখে উৰা মৰা ইণ্ডিগোৰ বিমানখনো। ধুমুহা-বৰষুণৰ কবলত পৰাত নিশা ৭:৪৫ বজাত পাইলতে বিমানখন ভুৱনেশ্বৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰায়। পিছত নিশা ১০:১৫ বজাত যাত্ৰীসহ বিমানখন কলকাতা বিমানবন্দৰত অৱতৰণ কৰে।