ৰাতিপুৱা খোজ কাঢ়িলে কি হয়? জানো আহক – 

ৰাতিপুৱা শুই উঠি খৰকৈ খোজকঢ়াটোক অতি ভাল অভ্যাস বুলি গণ্য কৰা হয়। ৰাতিপুৱা শুই উঠি খোজ কঢ়াৰ আছে অনেক উপকাৰিতা। জানো আহকচোন ৰাতিপুৱা শুই উঠি খোজ কঢ়াৰ কেইটামান বিশেষ উপকাৰিতা –

১/ শক্তিৰ মাত্ৰা বৃদ্ধি কৰে : দ্ৰুতগতিত ৰাতিপুৱা খোজ কাঢ়ি দিনটো আৰম্ভ কৰিলে তেজৰ সঞ্চালন আৰু অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায়। ই আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ আৰু শক্তিশালী কৰি ৰখাত সহায় কৰে।

২/ মন মেজাজ উন্নত কৰে : খোজ কঢ়াকে ধৰি আন সকলো ব্যায়ামে এণ্ড’ৰ্ফিন হ’ৰমন নিৰ্গত কৰে, এই হ’ৰমনে সুখৰ অনুভূতি বৃদ্ধি কৰাৰ লগতে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে। 

৩/ মনৰ স্পষ্টতা আৰু কামত মনোনিৱেশ বৃদ্ধি কৰে : খোজ কঢ়াই মগজুৰ কাৰ্য্যকলাপক উদ্দীপিত কৰে, সজাগতা বৃদ্ধি কৰে আৰু জ্ঞানমূলক কাৰ্য্যক্ষমতা উন্নত কৰে। 

৪/ ওজন হ্ৰাস কৰাত সহায় কৰে : বিশেষকৈ স্বাস্থ্যসন্মত খোৱা বোৱা নিয়মিতভাৱে খোজ কাৰ্যই কেলৰি নাশ কৰে আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই পেশী শক্তিশালী কৰাত সহায় কৰে।

৫/ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে : খোজ কঢ়াটো কাৰ্যই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে। দৈনিক ৰাতিপুৱা খোজ কাঢ়িলে সময়ৰ লগে লগে হৃদযন্ত্ৰ সুস্থ হোৱাত অৰিহণা যোগাব পাৰে।

৬/ টোপনিৰ মান উন্নত কৰে : ৰাতিপুৱা খোজ কাঢ়িলে টোপনিৰ মান উন্নত হয়।

৭/ ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি কৰে : ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ ভিটামিন ডিৰ স্বাভাৱিক উৎস। ই হাড় শক্তিশালী কৰি ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে পৰ্যাপ্ত ভিটামিন ডি যোগান ধৰে।

৮/ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : নিয়মিত খোজ কঢ়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সংক্ৰমণ আৰু বেমাৰৰ পৰা বাচি থাকিব পাৰে