আকৌ এনকাউণ্টাৰ : নগাঁৱত আৰক্ষীৰ গুলীত আহত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী ‎

নগাঁও জিলাৰ ৰূপহীহাটৰ বৰতাল অঞ্চলত দেওবাৰে নিশা আৰক্ষীৰ গুলীচালনাত আহত হৈছে এজন মষ্ট ৱাণ্টেড ড্ৰাগছ ব্যৱসায়ী।

ভৰিত আৰক্ষীৰ গুলী লাগি আহত হোৱাৰ পিছতেই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজনক।

সূত্ৰ অনুসৰি ৰমিজুলে জিলাখনত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ পূৰ্বেও দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল। পিছত জামিনত মুকলি হৈ  পুনৰ জিলাখনত ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰমিজুলৰ বিৰুদ্ধে।

লগতে পঢ়কঃ শ্ৰমিক দিৱস আৰু শ্ৰমিকৰ দুৰ্দশা : ডুমডুমাত নুডল ফেক্টৰীত অগ্নিদগ্ধ নাবালিকাসহ দুই মহিলা

জানিব পৰা মতে, যোৱা নিশা আৰক্ষীৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ড্ৰাগছ বেপাৰীজনক গুলীয়াই হত্যা কৰা হয়।

উল্লেখ্য যে নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ৰমিজুলৰ হাতৰ পৰা ৭৫টা ড্ৰাগছ ভৰ্তি পাত্ৰ উদ্ধাৰ কৰে।

গুলীচালনা কৰা ড্ৰাগছ মাফিয়া ৰমিজুল ইছলাম নগাঁও জিলাৰ নংগলধুৱাৰ বাসিন্দা।

শেহতীয়া খবৰ অনুসৰি সোমবাৰে পুৱা আহত অভিযুক্তগৰাকীক নগাঁৱৰ চিকিৎসালয়ৰ পৰা তেজপুৰৰ টাইমছ হাস্পাতাললৈ স্থানান্তৰিত কৰা হৈছে।

লগতে পঢ়কঃ চুইছ মাছাজ চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা অনামিকা ‎বৰ্মন দাসে