যোগী ৰাজ্য উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাট জিলাৰ এখন গাঁৱত আৰক্ষীৰ উচ্ছেদ অভিযানত এগৰাকী মাতৃ আৰু কন্যা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে। এইটোৱে অভিযোগ উঠিছে। মৃতকৰ পৰিয়ালে দাবী কৰিছে যে তেওঁলোকৰ ঘৰত জুই লগাই দিয়া হৈছিল।
ইপিনে, আৰক্ষীয়ে দাবী কৰে যে মহিলা দুগৰাকীয়ে নিজেই গাত জুই লগাইছিল। ঘটনাটো হ’ল চৰকাৰী ভূমিৰ পৰা আৱাসীসকলক উচ্ছেদ কৰাৰ সময়ত মাতৃ আৰু কন্যাৰ মৃত্যু হৈছে।
সোমবাৰে, চৰকাৰী বিষয়াসকলে কোনো জাননী অবিহনে বুলডোজাৰেৰে ‘ভিলেজ চছাইটি’ৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰে। স্থানীয় লোকে অভিযোগ কৰিছে যে আৰক্ষীয়ে অঞ্চলটোৰ জুপুৰিবোৰত জুই লগাই দিছিল। ৪৫ বছৰীয়া প্ৰমীলা দীক্ষিত আৰু তেওঁৰ ২০ বছৰীয়া জীয়েক নেহা সেই সময়তে জ্বলি মৃত্যুমুখত পৰে। প্ৰমীলাৰ পুত্ৰ শিৱম ৰক্ষা পৰে যদিও প্ৰমীলাৰ স্বামী অগ্নিদগ্ধ হয়।
আনহাতে, তেওঁৰ পুত্ৰই অভিযোগ কৰিছে, “ঘৰৰ ভিতৰত থকা স্বত্বেও আৰক্ষীয়ে ঘৰত জুই লগাই দিছিল। ঘটনাটো জিলা দণ্ডাধীশৰ সন্মুখত সংঘটিত হৈছিল যদিও তেওঁ প্ৰতিবাদ কৰা নাছিল।
আৰক্ষী অধীক্ষক মূৰ্তিৰ ভাষ্য, “প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে দুয়োগৰাকী মহিলাই তেওঁলোকৰ ঘৰত তলা বন্ধ কৰি নিজেই গাত জুই লগাই দিছিল। তেওঁলোকৰ মৃত্যু হৈছে। তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। যদি আৰক্ষী এই মৃত্যুত জড়িত থাকে তেন্তে কঠোৰ শাস্তি দিয়া হ’ব।‘’
মহিলা দুগৰাকীৰ মৃত্যুৰ লগে লগে স্থানীয় লোকসকলে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয় আৰু আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। কানপুৰৰ অতিৰিক্ত ডিজিপি আলোক সিঙে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অঞ্চলটো পৰিদৰ্শন কৰে।
আনহাতে, ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা ১৩ জন লোকৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ পিছত বিৰোধীয়ে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ গৰিহণা দিছে।