বি টি চিৰ পৰা ‘অবড়ো গাওঁ কৰ্তনৰ নিৰ্দেশ’ কাৰ্য্যকৰীকৰণৰ দাবীত তীব্ৰতৰ হ’ব আন্দোলন

Non-Boro Organisation

অবড়ো সুৰক্ষা সমিতিৰ কাৰ্য্যনিৰ্বাহক বৈঠক।

এবছুকে ধৰি বিভিন্নটা বড়ো সংগঠনে পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন চলাই থকাৰ বিপৰীতে অবড়ো সুৰক্ষা সমিতিয়ে বি টি চিৰ পৰা অবড়ো গাওঁসমূহ কৰ্তনৰ দাবীত অধিক জোৰদাৰ আন্দোলন চলাই নিবলৈ সংকল্প লৈছে।

আজি বৰপেটা জিলাৰ হাউলী চহৰত অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা সমিতিৰ কাৰ্যনিৰ্বাহ বৈঠকত নেতৃত্বই এই সংকল্প লৈছে। সমিতিয়ে অবড়ো গাওঁসমূহ বি টি চিত অন্তৰ্ভুক্ত হৈ থকাৰ কোনো যুক্তি নাই আৰু ইয়াৰ ফলত এই গাওঁসমূহৰ অবড়ো লোকসকল ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিয়ে।

যোৱা বছৰৰ ৮ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায় উল্লেখ কৰি কয় সমিতিয়ে কয় যে এই ৰায়ত অসম চৰকাৰক  বিটিচিৰ পৰা অবড়ো গাওঁসমূহ কৰ্তন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল৷ “ৰাজ্যৰ মুখ্য সচিবলৈ নিৰ্দেশনা জাৰি কৰি ছমাহৰ ভিতৰত  অবড়ো গাঁওসমূহ বি টি চিৰ পৰা কৰ্তনৰ পত্ৰ প্ৰেৰণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে৷” সমিতিৰ সূত্ৰই কয়। ইয়াৰ লগতে আগন্তুক দিনত প্ৰতিবাদী কাৰ্য্যসূচী লৈ ন্যায়ালয়ৰ এই ৰায় কাৰ্যকৰীকৰণৰ বাবে চৰকাৰক বাধ্য কৰাব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

ইপিনে সংগঠনটোৱে বৈঠকত প্ৰস্তাৱিত Union Territorial Council (UTC) গঠন কৰাৰ প্ৰাকমুহূৰ্তত চৰকাৰক অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিবলৈও দাবী জনায়।

ইপিনে   নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি অবড়ো সুৰক্ষা সমিতিয়ে হাগ্ৰামা মহিলাৰী আৰু নৱ কুমাৰ শৰণীয়াই নাগৰিকত্ব সংশোধী বিধেয়ক সন্দৰ্ভত লোৱা ভূমিকাৰ তীব্ৰ গৰিহণা দিয়ে।

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে একাংশ জনজাতীয় সমগঠনে গ্ৰহণ কৰা বিৰোধী ভূমিকাৰো সমালোচনা কৰে সমিতিয়ে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয় অতি শীঘ্ৰে  কাৰ্যকৰীকৰণৰ বাবে দাবী জনাইছে চৰকাৰক৷