• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 4, 2025 1:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লীৰ ৰাজপথত মহিলা সাংসদ সুধা ৰামকৃষ্ণনৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ পলাল চিলনী চোৰে। সোমবাৰে পুৱা প্ৰায় ৬:৩০ বজাত চাণক্যপুৰীত খোজকাঢ়ি গৈ থকা অৱস্থাত তেওঁ এজন দুষ্কৃতিকাৰীৰ হাতত আক্ৰান্ত হয়।

ডিঙিৰ চেইন টানি নিয়াত আঘাত পায়, তেওঁৰ কাপোৰো ফাটি যায়। সাংসদগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈও এখন পত্ৰ লিখি এই বিষয়ে অৱগত কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা পোলেণ্ডৰ দূতাবাসৰ সমীপত সংঘটিত হয় এই ঘটনা। সাংসদগৰাকী আৰ সুধাই পৰিচিত এগৰাকীৰ লগত খোজ কাঢ়ি গৈ আছিল। সেই সময়তে হেলমেট পিন্ধা এজন যুৱকে স্কুটিত উঠি আহি হঠাতে তেওঁৰ ডিঙিৰ পৰা সোণৰ চেইনডাল কাঢ়ি লৈ পলাই যায়। জোৰেৰে টনাৰ ফলত সাংসদগৰাকীয়ে ডিঙিত আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ চুৰিদাৰো ফাটি যায়। ঘটনাৰ পিছত সুধা আৰু তেওঁৰ সংগীয়ে সহায়ৰ বাবে চিঞৰ-বাখৰ কৰে।

সুধাই কয় যে স্কুটি চালকজনে প্ৰথমে খুব লেহেমীয়াকৈ গাড়ী চলাইছিল, সেয়ে সন্দেহ কৰাৰ কোনো কাৰণ নাছিল। হঠাৎ সি চেইনডাল টানি নিয়ে।

বৰ্তমান সাংসদ সুধা তামিলনাডু ভৱনত থাকে। ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি নিৰাপত্তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁ লিখিছে, ‘এই ঠাইখন দেশৰ অন্যতম নিৰাপদ অঞ্চল। ইয়াত যদি এগৰাকী মহিলা সাংসদ আক্ৰান্ত হয় তেন্তে সাধাৰণ জনতাৰ কি সুৰক্ষা থাকিব?’

তেওঁ ইমান গুৰুত্বপূৰ্ণ আৰু নিৰাপদ এলেকাত এনে ঘটনা অতি চিন্তনীয় বুলিও কয়। দোষীক তৎকালীনভাৱে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সাংসদগৰাকীয়ে।

এই ঘটনাত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চাণক্যপুৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd