• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিচেম্বৰত বড়ো সমস্যা সমাধান এক হাস্যকৰ বিষয় : সাংসদ নৱ শৰণীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2018 5:39 pm
22-11-18 Baksa- Inaugurating Barowari Raas Mahotsav (1)

বৃহস্পতিবাৰ বাক্সাত বাৰোৱাড়ী ৰাস মহোৎসৱ উদ্বোধন কৰিছে সাংসদ নৱ শৰণীয়াই। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বিটিএডিত বসবাস কৰি থকা অবড়ো জনসাধাৰণৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক তথা ভাষিক অধিকাৰৰ উপৰি ভূমিৰ সমস্যা সমাধান নকৰাকৈ কেৱল  বড়োলেণ্ড বিচৰাসকলৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰিব বিচাৰিলে বিটিএডিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব’’,-এইদৰে মন্তৱ্য কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

বৰমাৰ বাক্সা প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি সাংসদগৰাকীয়ে এই মন্তব্য কৰে ৷

কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে লগতে ডিচেম্বৰত বড়ো সমস্যা সমাধানৰ বিষয়টোক হাস্যকৰ আখ্যা দিয়ে। তেওঁ কয় যে বড়ো নেতৃত্বই ২০১৪ চনৰ আগেয়ে বড়ো সমস্যা সমাধানৰ বহু সুযোগ লাভ কৰিও সুযোগ হেৰুৱাইছে। বৰ্তমান আৰু সেই সুযোগ নাই।

যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো নেতৃত্বৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছতে কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই বিটিএডিক লৈ পুনৰ সৰৱ হৈ পৰিছে।

সাংসদ শৰণীয়াই এবছুৰ সভাপতি প্ৰমোদ বড়োক এগৰাকী উগ্ৰ জাতীয়তাবাদী নেতা বুলি অভিহিত কৰি তেওঁলোকৰ দৰে নেতাৰ বাবেই বিটিএডিত অবড়ো সংগঠনৰ জন্ম হৈছে বুলি মত ব্যক্ত কৰে।

আনহাতে, বিটিএডিক এখন কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰা সন্দৰ্ভত যিসকল অবড়ো নেতাই সমৰ্থন জনাইছিল তেওঁলোকক ৰাইজৰ আগত স্পষ্টীকৰণ দাঙি ধৰিবলৈ সাংসদ গৰাকীয়ে আহ্বান জনায়।

তদুপৰি, কেন্দ্ৰীয় শাসিত পৰিষদৰ প্ৰসংগ উত্থাপনেৰে ৰাজ্যৰ জলন্ত সমস্যাসমূহ অঁতৰাই ৰাখি বিটিএডিক ৰক্তাক্ত কৰাৰ ই এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে। তাৎপৰ্যপূৰ্ণভাৱে, সাংসদ গৰাকীয়ে লগতে মন্তৱ্য কৰে যে বিটিচি গঠনৰ পাছতে অবড়ো সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। এতিয়া আকৌ পৃথক বড়োৰাজ্য গঠন হ’লে অবড়ো সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিব।

উল্লেখযোগ্য যে সোমবাৰে নতুন দিল্লীত হোৱা বৈঠকত বিটিএডিত পৃথক বড়োলেণ্ডৰ পৰিৱৰ্তে এখন কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ আলোচনা হোৱাৰ বিষয়ে বাতৰি ওলোৱাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd