নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ টীয়কৰ সংবাদদাতা মৃদুল বৰুৱাৰ অকাল মৃত্যু

যোৰহাট জিলাৰ টীয়কৰ জ্যেষ্ঠ সাংবাদিক, নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ টীয়কৰ সংবাদদাতা মৃদুল বৰুৱাৰ যোৱা নিশা চিকিৎসাধীন অৱস্থাত যোৰহাট মিশ্যন হস্পিতালত মৃত্যু হয়।

যকৃতৰ অসুখৰ বাবে কিছুদিন অসুস্থ হৈ থকা মৃদুল বৰুৱা শেহতীয়াকৈ কেইদিন মান আগতে যোৰহাট মিশ্যন হাস্পতালত ভৰ্ত্তি কৰা হৈছিল।

নিউজ লাইভৰ জন্মলগ্নৰ পৰা টীয়কৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰুৱা ইয়াৰ পূৰ্বে এন ই টিভিৰ কেমেৰা পাৰ্চন হিচাপে সেৱা আগবঢ়াইছিল।

এগৰাকী সুদক্ষ গীতাৰ বাদক হিচাপে পৰিচিত বৰুৱা সংবাদ জগতলৈ অহাৰ পূৰ্বে কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি অসমৰ কেইবাগৰাকী কন্ঠ শিল্পীৰ সৈতে বাদ্যযন্ত্ৰী হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক কাৰ্যসূচী সমূহত অংশগ্ৰহণৰ বাবে ঘূৰি ফুৰিছিল।

বৰুৱাৰ মৃত্যুৰ সংবাদ পাই তেওঁৰ সতীৰ্থ গুনমুগ্ধ সকল নিশাই চিকিৎসালয়ত উপস্থিত হয়। নিশাই তেওঁৰ মৃতদেহ টীয়কৰ বনাইৰ নিজা বাসগৃহলৈ অনা হয়। আনহাতে আজি পুৱা বিভিন্ন দল-সংগঠনে প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়।

এই উপলক্ষে সাংবাদিক গৰাকীৰ টীয়কৰ বনাইৰ নিজ গৃহত আজি পুৱা শতাধিক ব্যক্তিৰ সমাগম হয়।

প্ৰয়াত মৃদুল বৰুৱাৰ পিতৃ বোদ্ধেশ্বৰ বৰুৱাই নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে টীয়ক প্ৰেছ ক্লাবৰ সকলো সদস্যৰ হৈ উপদেষ্টা নিৰ্মলেন্দু পাঠক আৰু সভাপতি দুলাল হাজৰিকাই সতীৰ্থজনলৈ আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ আৰু টীয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াই পৰিচালনা কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বৃহত্তৰ টীয়কৰ অৰ্ধ শতাধিক দল-সংগঠনৰ লগতে শতাধিক ব্যক্তিয়ে প্ৰয়াত মৃদুল বৰুৱাৰ নশ্বৰদেহত শেষশ্ৰদ্ধা জনায়।

পিছত শতাধিক ব্যক্তিৰ উপস্থিতিত জেষ্ঠ সাংবাদিক গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় l  মৃত্যুৰ সময়ত মৃদুল বৰুৱাই পিতৃ, মাতৃ, পত্নী আৰু  একমাত্ৰ কন্যাক ইহসংসাৰত এৰি থৈ যায় ।