NORTHEAST NOW (Assamese)

ধোনীসহ ৭গৰাকী ভাৰতীয় ক্ৰিকেটাৰক বিচাৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে

November 26, 2019 9:27 am · এন ই নাও নিউজ
ছবি উৎস : ইণ্টাৰনেট

অহা বছৰ ১৮ মাৰ্চ আৰু ২১ মাৰ্চত বিশ্ব একাদশ আৰু এছিয়া একাদশৰ মাজত হ’ব দুখন টি-২০ মেচ। সেয়ে এছিয়া দলত ধোনীসহ ৭গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম অন্তৰ্ভুক্তিৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বি চি চি আইৰ অনুমতি বিচাৰিছে।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ড চমুকৈ বি চি বিয়ে অনুমতি বিচৰা আন ক্ৰিকেটাৰ কেইগৰাকী হ’ল বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা, ভুৱনেশ্বৰ কুমাৰ আৰু ৰবীন্দ্ৰ জাদেজা।

বি চি বিয়ে বি চি চি আইক এক প্ৰস্তাৱৰ জৰিয়তে ক্ৰিকেটাৰ কেইগৰাকীক খেলিবলৈ অনুমতি দিয়াৰ বাবে অনুৰোধ জনাইছে।

বিশ্ব একাদশ আৰু এছিয়া একাদশৰ মাজত হ’ব লগীয়া টি-২০ মেচ দুখনক ইতিমধ্যে আই চি চিয়ে আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰিছে।

ইফালে বি চি চি আইয়ে এই খেলুৱৈ কেইগৰাকীক মেচ দুখন খেলিবলৈ অনুমতি দিয়ে নে নিদিয়ে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।

Related News