বি চি চি আইৰ বছৰেকীয়া চুক্তিৰ তালিকাৰ পৰা নাম বাদ পৰিলেও সহজতে ক্ৰিকেট এৰাৰ পৰিকল্পনা নাই ভাৰতৰ দুটাকৈ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ। খেলুৱৈগৰাকীয়ে তেনেই এক ইংগিত দিলে তেওঁৰ অনুৰাগীসকলক।
৩৮ বছৰীয়া মহেন্দ্ৰ সিং ধোনীয়ে দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত হাতত বেট লৈ ঝাৰখণ্ড ৰঞ্জি টিমৰ সৈতে বৃহস্পতিবাৰে একেলগে অনুশীলন কৰে। এই অনুশীলন আগন্তুক আই পি এলৰ প্ৰস্তুতি বুলি বহুতে দাবী কৰিছে।
ঝাৰখণ্ডৰ ৰঞ্জি টিমৰ অনুশীলনৰ সময়ত মহান ক্ৰিকেটাৰগৰাকীক দেখি সকলো আঁচৰিত হৈ পৰে। এই সন্দৰ্ভত ঝাৰখণ্ড ক্ৰিকেটৰ এগৰাকী বিষয়াই কয়, ‘আমাৰ সৈতে অনুশীলন কৰিব আহিব বুলি আমিও নাজানো। আশ্চৰ্যকৰ যদিও সুখজনক’।
তেওঁ লগতে কয়, ‘আমি আশা কৰো তেওঁ নিয়মিতভাৱে আমাৰ দলৰ সৈতে অনুশীলন কৰিব। তেওঁৰ উপস্থিতিয়ে অন্য খেলুৱৈক যথেষ্ট সহায় কৰিব’।
উল্লেখ্য যে সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অনুশীলনৰ বাবে ধোনীয়ে এটা বলিং মেচিন লৈ আহিছিল। ঝাৰখণ্ডৰ দলটোৱে ৰঙা বলেৰে অনুশীলন কৰাৰ বিপৰীতে ধোনীয়ে বগা বলেৰে অনুশীলন কৰিছিল।
বৃহস্পতিবাৰে বি চি চি আইয়ে প্ৰকাশ কৰা বছৰেকীয়া তালিকাৰ পৰা ধোনীৰ নাম বাদ পৰাৰ পিছতেই বহুতে এয়া অৱসৰৰ ইংগিত বুলি মন্তব্য কৰে।
ইফালে স্পীনাৰ হৰভজন সিঙে আই পি এলত ধোনীয়ে চেন্নাইৰ হৈ ভাল প্ৰদৰ্শন কৰিলেও তেওঁক পুনৰ ভাৰতীয় দলত দেখাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰিছে।
উল্লেখ্য যে ২০১৯ বিশ্বকাপৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ নোলাৱা ধোনীয়ে কেৰিয়াৰ সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সকলোৰে বাবে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।