NORTHEAST NOW (Assamese)

ঔৰংজেৱৰ সমাধি বচাবলৈ মোগল বংশধৰে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘৰ মুৰব্বীলৈ

April 16, 2025 1:01 pm ·
Updated: April 16, 2025 1:10 pm

মোগল বংশৰ স্বঘোষিত উত্তৰাধিকাৰী বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ ইয়াকুব হাবিবুদ্দিন টুচিয়ে পূৰ্বে নিজকে তাজমহলৰ বৰ্তমানৰ মালিক বুলি দাবী কৰিছিল। এই বিতৰ্কৰ অন্তত ইয়াকুবে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছলৈ মহাৰাষ্ট্ৰৰ সম্ভাজী নগৰস্থিত ঔৰংজেৱৰ সমাধি সংৰক্ষণৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে।

এমাহ পূৰ্বে ঔৰংজেৱৰ সমাধি আঁতৰোৱাৰ বিতৰ্কক কেন্দ্ৰ কৰি নাগপুৰত অশান্তি বিয়পি পৰিছিল। হায়দৰাবাদৰ বাসিন্দা ইয়াকুবে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ উত্তৰাধিকাৰী বুলি দাবী কৰিছে। আৰু মোগল সম্ৰাটৰ সমাধিৰ ৱাকফ সম্পত্তিৰ তত্ত্বাৱধায়ক বুলিও দাবী কৰিছিল।

তেওঁ ৰাষ্ট্ৰসংঘৰ মহাসচিবলৈ প্ৰৰণ কৰা পত্ৰত এই সমাধিক ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন হিচাপে ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰিছে। প্ৰাচীন কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক জৰীপৰ বাবেও ইয়াক ঐতিহ্য ক্ষেত্ৰ হিচাপে সুৰক্ষিত কৰা হৈছে। ১৯৫৮ চনৰ এই আইন অনুসৰি কোনো সংৰক্ষিত কীৰ্তিচিহ্নৰ ওচৰত কোনো ধৰণৰ অবৈধ নিৰ্মাণ, পৰিৱৰ্তন, সংৰক্ষণ বা ভাঙি পেলোৱাৰ কাম কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে।

চিঠিখনত তেওঁ আৰু লিখিছে যে কিছুমান ছবি, সংবাদ মাধ্যম আৰু সামাজিক মঞ্চই সকলোৱে মিলি জনমত সংগঠিত কৰিবলৈ কাম কৰি আছে। বিশেষকৈ চিনেমাই এই সমাধিৰ বিৰুদ্ধে জনমতৰ সৃষ্টি কৰিছে। ইয়াত নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলৈ অনুৰোধ জনায়। আন্তঃৰাষ্ট্ৰীয় আইনৰ উদ্ধৃতি দি তেওঁ সোঁৱৰাই দিয়ে যে ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন সংৰক্ষণ কৰাটোও আন্তঃৰাষ্ট্ৰীয় আইনৰ অন্তৰ্ভুক্ত।

Related News