বাংলাদেশ অস্থিৰ হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, মিয়ানমাৰতো প্ৰভাৱ পৰিব; সকীয়নি মহম্মদ ইউনুছৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড. মহম্মদ ইউনুছ। ফটোঃ সংগ্ৰহীত।

যদি আপুনি বাংলাদেশক অস্থিৰ কৰিব বিচাৰে তেন্তে চুবুৰীয়া দেশসমূহো বিপদত পৰিব বুলি সকীয়াই দিছে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে। বৃহস্পতিবাৰে তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিব।

ৰক্তাক্ত গণ প্ৰতিবাদৰ পিছত বাংলাদেশৰ পৰা পলায়ন কৰা পদচ্যুত শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈছে। পলায়ন কৰাৰ সময়তে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে বাংলাদেশৰ বিগত নিৰ্বাচনত জয়ী হোৱা আৱামী লীগ চৰকাৰখন ভংগ কৰি অন্তৱৰ্তীকালীন চৰকাৰ গঠনত ছীলমোহৰ মাৰে। এই চৰকাৰৰ মুৰব্বী হিচাপে ড. মহম্মদ ইউনুছক বিএনপি আৰু জামাত-ই-ইছলামীয়েও সমৰ্থন জনাইছে।

ড. মহম্মদ ইউনুছ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে বুধবাৰে পাকিস্তান চৰকাৰে বাংলাদেশৰ সৈতে সংহতিৰ বাৰ্তা প্ৰদান কৰিছে। শ্বেখ হাছিনাৰ কাৰ্যকালত বাংলাদেশ আৰু পাকিস্তানৰ নামমাত্ৰ কূটনৈতিক সম্পৰ্ক আছিল। এইবাৰ ইছলামবাদ আৰু ঢাকাৰ কূটনৈতিক সম্পৰ্ক সুচল হ’ব বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়কঃ ‘মোক ক্ষমা কৰা, কুস্তী, তোমাক বিদায়…!’ হৃদয় বিদাৰক পোষ্ট লিখি অৱসৰ ঘোষণা ৱিনেশ ফ’গাটৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে ফ্ৰান্সৰ পৰা ভাৰতীয় সংবাদ মাধ্যম এনডিটিভিক সাক্ষাৎকাৰ দিছে ইউনুছে। তেওঁ কয়, “আপুনি যদি বাংলাদেশক অস্থিৰ কৰে, তেন্তে ই ম্যানমাৰকে ধৰি বাংলাদেশৰ চাৰিওফালে বিয়পি পৰিব আৰু পশ্চিম বংগ, উত্তৰ-পূৰ্বাঞ্চলৈও বিয়পিব। আমাৰ চাৰিওফালে আৰু ম্যানমাৰৰ সকলো ঠাইতে আগ্নেয়গিৰিৰ বিস্ফোৰণৰ দৰে হ’ব। ই এটা ডাঙৰ সমস্যা হ’ব, কাৰণ ইয়াত লাখ লাখ ৰোহিংগীয়া আছে।”

ইউনুছৰ এই বক্তব্যই বাংলাদেশৰ ভৱিষ্যতৰ কূটনৈতিক দিশ সলনি কৰা বুলি ধাৰণা কৰা হৈছে। তেওঁ কয়, যদি কোনোবাই বাংলাদেশক অস্থিৰ কৰিব বিচাৰে তেন্তে ম্যানমাৰ, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগত অস্থিৰতা বিয়পি পৰিব।

উল্লেখ্য যে ভাৰতৰ ৫ খন ৰাজ্য পশ্চিম বংগ, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ সীমান্ত বাংলাদেশৰ সৈতে সংলগ্ন আছে। ম্যানমাৰৰ সৈতেও আছে কিছু সীমান্ত।

লগতে পঢ়কঃ মন্ত্ৰী অশোক সিংঘালক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ; ৰাজ্যৰ প্ৰতি দায়বদ্ধতাক লৈ তুলিলে প্ৰশ্ন

১৯৭১ চনত পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত পাকিস্তানী সেনাই ৰক্তাক্ত সংঘাতত গেৰিলা মুক্তি বাহিনী আৰু ভাৰতীয় সেনাৰ যৌথ কমাণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। বাংলাদেশৰ সৃষ্টি হৈছিল। তাৰ পিছৰে পৰা প্ৰতিবাৰেই বাংলাদেশত বিএনপি আৰু জামাত-ই-ইছলামী ক্ষমতালৈ অহাৰ লগে লগে ইছলামবাদ-ঢাকাৰ সম্পৰ্ক কোমল হৈ পৰিছে। সেয়ে আৱামী লীগৰ পতনৰ পিছত উচ্ছসিত হৈ পৰিছে পাকিস্তান।