ভাৰতীয় শ্বেয়াৰ বজাৰত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। ২০২৫ চনৰ ৩ মাৰ্চ সোমবাৰটো আম্বানীৰ বাবে বেয়া দিন আছিল। সোমবাৰে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২.১৭ শতাংশ হ্ৰাস পায়। ছয় ঘণ্টাৰো অধিক সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বজাৰ মূলধন ৩৫,৩১৯.৪৯ কোটি টকা হ্ৰাস পাইছে।
সোমবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত ৰিলায়েন্সৰ বজাৰ মূলধন ১৫.৮৯ লাখ কোটি টকাত ৰয়। যোৱা সপ্তাহৰ আৰম্ভণিতে একেৰাহে তিনিদিন লোকচানৰ পিছত এতিয়া একেৰাহে দুদিন লোকচানৰ সন্মুখীন হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড।
২৭ ফেব্ৰুৱাৰীত (বৃহস্পতিবাৰে) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ মূল্য ২৬.১০ টকা অৰ্থাৎ ২.১৭ শতাংশ হ্ৰাস পাই ১১৭৪ টকাত বন্ধ হয়। তদুপৰি ৩ মাৰ্চ সোমবাৰে ৰিলায়েন্স গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ বজাৰ মূলধন ৪০ হাজাৰ কোটিতকৈ অধিক হ্ৰাস পাইছে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু ইয়াৰ অন্যান্য কোম্পানীসমূহৰ মুঠ বজাৰ মূলধন ৪০,৫১১.৯১ কোটি টকা হ্ৰাস পাই ১৭.৪৬ লাখ কোটি টকা হৈছে। বজাৰ বেয়া হোৱাৰ বাবে গ্ৰুপৰ সকলো শ্বেয়াৰৰ লোকচান ঘটিছে।