NORTHEAST NOW (Assamese)

নিজৰ মৃ্ত্যুৰ উৰাবাতৰি নহয়, আন এটা কাৰণতহে জীৱনত প্ৰথম ভয় খালে ‘শক্তিমান’ মুকেশ খান্নাই!

May 13, 2021 3:09 pm · এন ই নাও নিউজ

বুধবাৰে ৰাতি ‘শক্তিমান’ মুকেশ খান্নাই জনালে যে জীৱনত তেওঁ প্ৰথমবাৰৰ বাবে ভয় খালে।

সামাজিক মাধ্যমযোগে তেওঁ জনালে যে কৰোণা যুদ্ধত জয়ী হৈ তেওঁৰ বায়েক পৃথিৱী এৰি গুছি গ’ল।

তেওঁ জনায় যে কৰোণা সংক্ৰমণৰ ফলত বায়েকৰ হাওঁফাওঁ বিকল হৈ পৰিছিল।

তাৰপাছত ক’ভিডমুক্ত হোৱাৰ পাছতো শেষ ৰক্ষা নাপালে।

कल घंटो मैं मेरी मौत की झूठी ख़बर का सच बताने का संघर्ष करता रहा। लेकिन मुझे पता नहीं था कि एक भयंकर सच मेरे ऊपर मँडरा…

Posted by MUKESH KHANNA on Wednesday, 12 May 2021

উল্লেখযোগ্য যে মঙলবাৰে ক’ভিডত আক্ৰান্ত হৈ মুকেশ খান্নাৰ মৃত্যু হোৱা বুলি উৰা বাতৰি উলাইছিল।

অভিনেতাজনে কয় যে মঙলবাৰে যেতিয়া নিজৰ মৃত্যুৰ উৰা বাতৰি পাইছিল, তেতিয়া ঘুণাক্ষৰেও অনুভৱ কৰা নাছিল যে মৃত্যু ইমান ওচৰতে ৰৈ আছে!

অভিনেতাজনৰ বায়েক কমল কাপুৰে দিল্লীত বাস কৰিছিল আৰু বেছি কিছু দিন ধৰি কৰোণাত ভুগি আছিল।

চিকিৎসকৰ পৰামৰ্শ মানি চলাত নিৰ্দিষ্ট সময়ত সুস্থ হৈ পৰে তেওঁ।

 

Related News