আবকাৰী কৰ ফাকি : বি জি ব’ণ্ডেড ৱেৰ হাউছৰ স্বত্বাধিকাৰী বন্তি গগৈ পেগুক ই ডিৰ জেৰা

শাসনৰ গাদীত কংগ্ৰেছ থাকৰ সময়তে আবকাৰী কৰ ফাকিকে ধৰি বিভিন্ন অনিয়মৰ কাৰ্যত জড়িত তথা বি জি ব’ণ্ডেড ৱেৰ হাউছৰ স্বত্বাধিকাৰী বন্তি গগৈ পেগুক শনিবাৰ অৰ্থাৎ ৬ অক্টোবৰত এনফ’ৰ্চমেণ্ট ডাইৰক্টৰেটে কেইবাঘণ্টা ধৰি জেৰা চলায়।

শনিবাৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা সুৰা মাফিয়া ৰাকেশ জালান আৰু বন্তি গগৈক মুখামুখিকৈ বহুৱাই জেৰা চলায়।

এই আবকাৰী কৰ ফাকিত জড়িত বি জি ব’ণ্ডেড ৱেৰ হাউছৰ পৰিচালক ৰাকেশ জালানক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বত্বাধিকাৰী বন্তি গগৈক তদন্তকাৰী সংস্থাটোৱে তলব কৰিছিল।

আৰু তলব পোৱাৰ পিছতে ৬ অক্টোবৰত বন্তি গগৈ আহি উপস্থিত হৈছিল। আনহাতে তদন্তকাৰী সংস্থাটোৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকে যদিও পিছত পুনৰ তলব কৰা হ’ব বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে চি আই ডিৰ তদন্তত কংগ্ৰেছৰ দিনতে বি জি ব’ণ্ডেড ৱেৰ হাউছ প্ৰায় ৪০ কোটিকৈ আবকাৰী কৰ ফাকিৰ সৈতে জড়িত হোৱা ঘটনা পোহৰলৈ আহিছিল।

আনকি পূৰ্বতে ৰাকেশ জালান, বন্তি গগৈ পেগু চি আই ডিৰ গোচৰত ভালেকেইমাহ কাৰাৱাস খাটিছিল যদিও পিছত জামিনত মুক্তি পাইছিল।

আনহাতে উক্ত গোচৰত জামিন পোৱা ৰাজেশ জালান এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰত পুনৰ ৪ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল। অৱশ্যে পৰৱৰ্তী সময়তহে চি আই ডিৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।