NORTHEAST NOW (Assamese)

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

August 19, 2022 12:43 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া চহৰত আজি পুৱাৰ ভাগত সংঘটিত হৈছে এক ভয়াৱহ বিমান দুৰ্ঘটনা। লক্ষ্যস্থান অভিমুখে গৈ থকাৰ অৱস্থাত মধ্য আকাশতে খুন্দা খাই দুৰ্ঘটনাত পতিত হৈছে দুখন বিমান।

এই ভয়াৱহ দুৰ্ঘটনাত কেইবাগৰাকীও লোকৰ মৃত্যু হোৱা বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

কেলিফৰ্ণিয়াৰ ৱাটছনভিল চহৰৰ স্থানীয় বিমানবন্দৰত অৱতৰণ কৰিবলৈ সাজু হোৱাৰ মুহূৰ্তে বিমান দুখনৰ মাজত সংঘৰ্ষ হয় আৰু এনে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ৱাটছনভিল চহৰৰ স্থানীয় প্ৰশাসনে প্ৰচাৰ কৰা এক বিবৃতিত এই দুৰ্ঘটনাৰ খবৰ নিশ্চিত কৰিছে। এক টুইটযোগে কৰ্তৃপক্ষই এই ঘটনাত একাধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে বুলি উল্লেখ কৰে।

এই সমগ্ৰ ঘটনাটোৰ ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে আৰু বৰ্তমান বিভাগীয় বিষয়াই তদন্ত অব্যাহত ৰাখিছে বুলিও কৰ্তৃপক্ষই জানিবলৈ দিছে।

Related News