৩০ গৰাকী সংবাদকৰ্মীৰ দেহত পোৱা গৈছে ক’ৰ’না ভাইৰাছ!

9294e8d7c72936f5b0288315b2875062

প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছে সংহাৰ সৃষ্টি কৰি থকাৰ সময়তো দিন-ৰাতি ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা মুম্বাইৰ ৩০ গৰাকী সংবাদকৰ্মী কোভিদ-১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

জানিব পৰা মতে এই ৩০ গৰাকীৰ ভিতৰত অধিকাংশই ইলেকট্ৰ’নিক মাধ্যমৰ সৈতে জৰিত।

ভাস্কৰ ডট কমত প্ৰকাশিত বাতৰি অনুসৰি সংবাদকৰ্মী সকলৰ এটা সংগঠনৰ বিষয়াই সোমবাৰে এই কথা জানিবলৈ দিছে।

তেওঁ কয় যে যোৱা সপ্তাহত অনুষ্ঠিত এক বিশেষ শিবিৰত সংবাদকৰ্মী সকলৰ পৰীক্ষা কৰা হৈছিল, আৰু ইয়াৰে কমেও ৩০ গৰাকী ক’ৰ’না পজিটিভ পোৱা গৈছে।

ইফালে টিভি জাৰ্নেলিষ্ট এছ’চিয়েশ্যনৰ অধ্যক্ষ বিনোদ জগদালে আই এ এন এছক কয় যে এতিয়াও সকলোবোৰ ৰিজাল্ট অহা নাই যদিও ৩০ গৰাকী সংবাদকৰ্মী ক’ৰ’নাত আক্ৰান্ত হোৱাটো খাটাং হৈ পৰিছে।

তেওঁ লগতে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে।

ইফালে বিএমচিৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে সংবাদকৰ্মী কেইজনৰ দেহত এই পৰ্যন্ত বিশেষ কোনো লক্ষণ দেখা দিয়া নাই সেয়ে তেওঁলোকক হোম কোৱাৰেণ্টাইনত থাকিবলৈ কোৱা হৈছে।

উল্লেখ্য যে সংবাদকৰ্মী সকলৰ বিভিন্ন সংগঠন আৰু মন্ত্ৰ্যালয়ৰ অনুৰোধত মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেই বিএমচিক পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল।

১৬ আৰু ১৭ এপ্ৰিলত অনুষ্ঠিত হোৱা এই শিবিৰত সংবাদ মাধ্যমৰ সৈতে জৰিত ১৭১ গৰাকী লোকৰ পৰীক্ষা কৰোৱা হৈছিল। এই পৰীক্ষা সমূহৰ ৰিপ’ৰ্ট আহিবলৈ আৰম্ভ কৰিছে আৰু দুই এদিনতে সকলো স্পষ্ট হৈ পৰিব।