NORTHEAST NOW (Assamese)

ফেইচবুক লাইভেৰে বিদায় লোৱাৰ পিছতে মৃত্যুক আকোৱালি ল’লে কোভিড আক্ৰান্ত এগৰাকী চিকিৎসকে

April 21, 2021 3:04 pm · এন ই নাও নিউজ
Updated: April 21, 2021 3:13 pm

মহামাৰী কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুম্বাইৰ এগৰাকী চিকিৎসকৰ কাৰুণ্যই চ’ছিয়েল মিডিয়াত এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

চেৱৰী টিবি হস্পিতালৰ মুখ্য চিকিৎসা বিষয়া কোভিড আক্ৰান্ত ডাঃ মনীষা যাদৱৰ যোৱা সোমবাৰে নিশা মৃত্যু হয়।

মৃত্যুৰ পূৰ্বে অৰ্থাৎ দেওবাৰে ৫১ বছৰীয়া চিকিৎসকগৰাকীয়ে এটা ফেইচবুক লাইভেৰে সকলোৰে পৰা বিদায় মাগি কৈছিল যে তেওঁ আৰু জীয়াই থকাৰ সম্ভাৱনা নাই, তেওঁৰ মৃত্যু অৱধাৰিত।

উক্ত ফেইচবুক লাইভৰ ৩৬ ঘণ্টাৰ পিছতে অসংখ্য গুণমুগ্ধৰ প্ৰাৰ্থনাকো নেওচি কোভিড আক্ৰান্ত চিকিৎসকগকাৰীৰ মৃত্যু হয়।

উল্লেখ্য যে দেশত দ্বিতীয় ঢৌ কোৰোনা সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বহু চিকিৎসক আৰু পেছাদাৰী স্বাস্থ্য কৰ্মীয়ে সামাজিক মাধ্যমত তেওঁলোকক উপযুক্ত সুৰক্ষা প্ৰদান কৰা হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

“আমি অসহায়… আগতে কেতিয়াও এনে পৰিস্থিতি দেখা নাছিলো… মানুহবোৰ শংকিত হৈ আছে…” মুম্বাইৰ আন এজন কোভিড আক্ৰান্ত চিকিৎসক ডাঃ ত্ৰুপ্তি গিলাদা-এ কালি ভাইৰেল হোৱা এটা ভিডিঅ’ বাৰ্তাত এইদৰে কয়ে।

ভয়াৱহ কোভিড পৰিস্থিতিয়ে চিকিৎসা কৰ্মীকসকলক কেনেকৈ শংকিত কৰি তুলিছে কোভিড আক্ৰান্ত ৰোগীসকলক সেয়া বুজাবলৈ চেষ্টা কৰি মহিলা চিকিৎসকগৰাকীয়ে আৰু কয়, “মোৰ হৃদয় ভাঙি গৈছে। যদি মই আপোনালোকক কওঁ যে মোক কিহে শংকিত কৰিছে… যদি মই আপোনালোকক এইবোৰ বুজাব পাৰিলো হয়, তেনে মই অধিক শান্তিত থাকিব পাৰিলো হয়।”

Related News