• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাইনেলত পুনৰ পৰাস্ত দিল্লী; দ্বিতীয়বাৰৰ বাবে ডব্লিউ পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 8:10 am
177
VIEWS
Share on FacebookShare on Twitter

ডব্লিউ পি এলৰ ফাইনেলত পুনৰ ছিন্নভিন্ন হৈ পৰিল দিল্লী কেপিটেলছৰ সপোন। শনিবাৰে ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত দিল্লীক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ। হৰমনপ্ৰীতৰ দলটোৱ ফাইনেলত ৮ ৰাণত জয়লাভ কৰে।

শনিবাৰে ব্ৰেবৰ্ণ ষ্টেডিয়ামত টছত জয়লাভ কৰি দিল্লী কেপিটেলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাইৰ আৰম্ভণি অস্বস্তিকৰ আছিল যদিও অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অনবদ্য অৰ্ধশতকৰ ওপৰত নিৰ্ভৰ কৰি দিল্লীৰ বাবে ১৫০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল মুম্বাই ইণ্ডিয়ানছে।

হৰমনপ্ৰীতে ৪৪টা বলত ৬৬ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ ইংৰাজ তাৰকা নাটালি স্কাইভাৰ ব্ৰাণ্টেও ভাল ইনিংছ খেলে। তেওঁ ২৮টা বলত ৩০ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ মাৰিজান কাপে দৰ্শনীয় বলিং কৰে। তেওঁ চাৰি অভাৰত মাত্ৰ ১১ ৰানত ২ উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়েও বেটিং কৰিবলৈ নমাৰ সময়ত আৰম্ভণি বৰ স্বস্তিকৰ নাছিল। দ্ৰুত একেৰাহে ৩টা উইকেট হেৰুৱাই চাপত পৰিছিল মেগ লেনিংছৰ দলটো। তিনিটা উইকেট পতনৰ পাছত জেমাইমা ৰড্ৰিগেজ আৰু মাৰিজান কাপে যুঁজ আৰম্ভ কৰে।

জেমাইমাই ২১টা বলত ৩০ ৰান সংগ্ৰহ কৰে। ২৬টা বলত ৪০ ৰানৰ বিধ্বংসী ইনিংছ খেলিও কাপে নিজৰ দলটোক জয়ৰ দিশে আগবঢ়াই নিব নোৱাৰিলে। শেষত দিল্লীৰ ইনিংছ ১৪১ ৰানতে সমাপ্ত হয়। হৰমনপ্ৰীতৰ মুম্বাই ইণ্ডিয়ানছে কৌৰে স্নায়ুযঁজ চম্ভালি পুনৰবাৰ WPL খিতাপ দখল কৰে।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছ- ১৪৯/৭ (হৰমনপ্ৰীত কৌৰ-৬৬, নাটালি স্কাইভাৰ-ব্ৰেণ্ট-৩০)

দিল্লী কেপিটেলছ- ১৪১/৯ (মাৰিজন কাপ-৪০, জেমাইমা ৰড্ৰিগেজ-৩০)

মুম্বাই ইণ্ডিয়ানছে ৮ ৰানত জয়লাভ কৰে।

Recent News

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd