কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ! : পত্নীসহ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৰুজু কৰিলে নতুন গোচৰ

images-1.jpg2_-1

কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়াক আক্ৰমণ কৰা আৰু কৰ্তব্যৰত আৰক্ষী বিষয়াৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মুম্বাই আৰক্ষীয়ে।

আৰক্ষীয়ে বুধবাৰে সন্ধিয়া অৰ্ণৱ গোস্বামী, পত্নী, আৰু পৰিয়ালৰ আন এজন সদস্যৰ লগতে অন্য দুজন ব্যক্তিৰ বিৰুদ্ধে কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত মুম্বাই এন এম যোশী মাৰ্গ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪, ৩৫৩, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

বুধবাৰে পুৱা আত্মহত্যাৰ প্ৰৰোচনাৰ এটা গোচৰত অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষীৰ দলটোৰ কৰ্তব্যত বাধা দিয়াৰ লগতে কৰ্তব্যৰত মহিলা আৰক্ষীৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ইফালে আৰক্ষীয়ে দাবী কৰিছে যে পুৱা অৰ্ণৱ গোস্বামীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলটোক তেওঁৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ নিদি প্ৰায় ৩ ঘণ্টা সময় বাহিৰত অপেক্ষা কৰোৱাইছিল।

উল্লেখ্য যে বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ কৰে।

ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।

২০১৮ চনৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল।

অভিযোগ উঠিছিল যে ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইকে কামৰ বিনিয়মত পাব লগীয়া ৫.৪০ কোটি টকা অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতেশ চাদ্ৰাই আদায় দিয়া নাছিল।