NORTHEAST NOW (Assamese)

চাইবাৰ অপৰাধীৰ জালত সত্তৰ ঊৰ্ধ্বৰ দম্পতী, ৪ মাহত হেৰুওৱালে ৪ কোটি টকা

October 26, 2023 4:12 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

পূর্বতে আগশাৰীৰ কর্পৰেট হাউচত কাম কৰি অহা দক্ষিণ মুম্বাইৰ এহাল সত্তৰ বছৰীয়া দম্পতীয়ে চাইবাৰ অপৰাধীৰ জালত পৰি চাৰি মাহৰ ভিতৰতে ৪ কোটিৰো অধিক ধন হেৰুৱালে৷

দম্পতীহালৰ পত্নীয়ে কাফে পেৰেড আৰক্ষীক জনোৱা মতে, প্ৰথমে এগৰাকী মহিলাই কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড সংস্থাৰ পৰা তেওঁলোকলৈ ফোন কৰিছিল। তাৰ পাছত কৈছিল যে স্বামীগৰাকীয়ে তেওঁলোকৰ কোম্পানীত ৪ লাখ টকা বিনিয়োগ কৰিছিল আৰু ২০ বছৰৰ পাছত সেই ধন এতিয়া মেচিউৰ হোৱাৰ ফলত তেওঁলোকে ১১ কোটি টকা লাভ কৰিব।

দম্পতীহালে আৰক্ষীক জনোৱা মতে ফোন কৰা মহিলাগৰাকীয়ে তেওঁৰ স্বামীয়ে পূৰ্বে কাম কৰা প্ৰতিষ্ঠানটোৰ নামো উল্লেখ কৰিছিল আৰু অৱসৰ তথ্যপাতি দিয়াৰ লগতে পানকাৰ্ডৰ নম্বৰ পৰ্যন্তও অৱগত আছিল।

তাৰ পিছত মহিলাগৰাকীয়ে দম্পতীহালক টিডিএছ, জিএছটি, আৰু আয়কৰ পৰিশোধৰ বাবে ধন স্থানান্তৰ কৰিবলৈ কয়। কিন্তু ইয়াৰ পাছতে দম্পতীহালৰ এটা ব্যক্তিগত বেংকৰ একাউণ্টৰ পৰা খালী হৈ পৰে।

ইয়াৰ কিছু সময়ৰ ভিতৰত ফোন মহিলাগৰাকীয়ে দম্পতীহালৰ পৰা বিভিন্ন কাৰণত ধন দাবী কৰিবলৈ ধৰে আৰু দম্পতীহালে ফোন মহিলাগৰাকীয়ে প্ৰদান কৰা বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰি থাকিল। বিষয়াগৰাকীয়ে কয় যে অভিযুক্তই ডজনৰো অধিক বেংক একাউণ্ট ব্যৱহাৰ কৰি দম্পতীহালৰ পকা ৪ কোটিৰো অধিক ধন সৰকাই নিছিল।

এইদৰে চাৰি মাহতে দম্পতীহালৰ একাউণ্ট খালী হৈ পৰিল। সেই কথা বৃদ্ধ দম্পতীহালে ফোন কৰা মহিলা কৰাগৰাকীক কলে যে তেওঁলোকৰ হাতত কোনো ধন বাকী নাই। তেতিয়া অন্য এগৰাকী লোকে ফোন কৰি তেওঁলোকক ভাবুকি দিবলৈ ধৰিলে।

ফোন কৰা লোকজনে ভাবুকি দি কয় যে যদি তেওঁলোকে আৰু ধন নিদিয়ে তেতিয়া দিয়া ধনখিনিও ফ্ৰীজ কৰি ৰখা হব আৰু আই-টি বিভাগে তেওঁলোকৰ দুৱাৰত টোকৰ মাৰি আহিব।

এইদৰে ৪ কোটি টকা হেৰুওৱাৰ পাছতো চাইবাৰ অপৰাধীৰ পৰা ধন দাবীৰ ভাবুকি লাভ কৰি থকাত বৃদ্ধ দম্পতীহালে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে।

Related News