পিতৃ-মাতৃৰ লগতে ককায়েকৰ মৃত্যুৰ পিছত সকলোৰে পৰা বিচ্ছিন্ন পৰা এগৰাকী প্ৰযুক্তিবিদে নিজিকে আবদ্ধ কৰি ৰাখিছিল। বন্ধু-বান্ধৱীৰসৈতেও নাছিল কোনো যোগাযোগ। এই ৫৫ বছৰীয়া অনুপ নাইৰ নামৰ প্ৰযুক্তিবিদ গৰাকীয়ে শেষত মুম্বাইৰ নৱীমুম্বাই অঞ্চলৰ এটা আবাসিক ফ্লেটত তেওঁ নিজকে তিনি বছৰ ধৰি বন্ধ কৰি ৰাখিছিল।
এটা সময়ত বহুজাতিক কোম্পানীত কম্পিউটাৰ প্ৰগ্ৰেমাৰ হিচাপে কাম কৰা অনুপৰ জীৱনত পৰিয়ালৰ মৃত্যুৰ পৰপৰাই গভীৰ মানসিক আঘাত প্ৰদান কৰিছিল। প্ৰথমে ককায়েকৰ আত্মহত্যা, তাৰ পিছত পিতৃ-মাতৃৰ মৃত্যু। এই সকলো মিলি তেওঁৰ মানসিক অৱস্থাক সম্পূর্ণভাৱে বিধ্বস্ত কৰি তোলে। সমাজৰ সৈতে সকলো যোগাযোগ বন্ধ কৰি তেওঁ নিজৰ জীয়াই থাকিবলৈ কেৱল এটা মাধ্যম বজাই ৰাখে ফুড ডেলিভাৰী এপ।
এই ফ্লেটৰ ভিতৰত তেওঁৰ দিন পাৰ কৰিছিল। বহুবছৰ ধৰি কোনো চুবুৰীয়াই তেওঁক দেখা নাছিল। তেওঁ বাহিৰলৈ ওলোৱা বন্ধ কৰি দিছিল। এনেদৰেই ঘৰৰ ভিতৰত, নীৰৱতাৰে কটাইছিল দিন।
শেষত, এটা এনজিঅ’ৰ সদস্যই একেটা আবাসতে বাস কৰা এজন ব্যক্তিৰ পৰা খবৰ পাই ফ্লেটত উপস্থিত হয়। দুৱাৰখন খুলাৰ পাছত দৃশ্য দেখি হতবাক। ফ্লেটত ধূলি, জাবৰ, মলিৰ স্তূপ! শাৰীৰিক মানসিক ভাবে অসুস্থ আব্স্থাত, মুখত ঘন দাড়ি-গোঁফ, অচিনাক্ত ৰূপত দেখা গ’ল অনুপক।
তেওঁক উদ্ধাৰ কৰা পিছতে চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকৰ মতে, অনুপ গভীৰ মানসিক আঘাত আৰু সামাজিক বিচ্ছিন্নতাৰ ফলত এই অৱস্থা হৈছে। যদিও আৰম্ভণিতে কিছুমান বন্ধু-বান্ধৱীয়ে আৰু ওচৰ-চুবুৰীয়াই সহায় কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অনুপে নিজকে স্বেচ্ছাই বিশ্বৰ পৰা বিচ্ছিন্ন কৰি ৰাখিলে।
এই ঘটনা কেৱল এজন ব্যক্তিৰ জীৱনৰ বিষাদগাঁথা নহয়, বৰং ই মানসিক স্বাস্থ্য, সমাজৰ সহানুভূতি আৰু আত্মীয়-সোঁৱৰণৰ অভাৱত মানুহ কিমান দূৰলৈ হেৰাই যাব পাৰে, তাৰ এটি জলন্ত উদাহৰণ।