Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

১৮ জুলাইত অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ এই নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডিএই প্ৰক্ষেপ কৰিছে দ্ৰৌপদী মুৰ্মুক৷ শেহতীয়াকৈ মুৰ্মুৱে নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণলৈ আহিছে৷ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে ভ্ৰমণ কৰা উত্তৰ -পূবৰ ৰাজ্যসমূহে মুৰ্মুক আদৰণি জনোৱাৰ লগতে নিৰ্বাচনত জয়ী কৰোৱাৰো নিশ্চিতি দিয়ে।

মুৰ্মুৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা জ্যেষ্ঠ বিজেপি নেতাসকলে বুধবাৰে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ড ভ্ৰমণ কৰে৷ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম গৰাকী মহিলা জনজাতীয় নেতা মুৰ্মুয়ে মঙলবাৰে ত্ৰিপুৰা আৰু মণিপুৰ ভ্ৰমণ কৰে আৰু তাৰ পিছত মঙলবাৰে নিশা তেওঁ অসমলৈ আহে৷

গুৱাহাটীৰ পৰা ৬৪ বছৰীয়া মুৰ্মুৱে আজি শ্বিলঙলৈ যায়৷তেওঁক বিমানবন্দৰত বিভিন্ন সম্প্ৰদায়ৰ শিল্পীসকলে পৰম্পৰাগত নৃত্য-গীতেৰে আদৰণি জনায়।জানিব পৰা মতে মুৰ্মুৱে উত্তৰ-পূবৰ ৰাজ্যসমূহত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহৰ মন্ত্ৰী, বিধায়ক আৰু সাংসদসকলৰ সৈতে কেইখনো বৈঠকত ভাগ লয় আৰু তেওঁৰ প্ৰাৰ্থিত্বৰ বাবে সমৰ্থন বিচাৰিছে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকেও মুৰ্মুৰ সৈতে আহিছে৷ মুৰ্মুৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপিৰ সভাপতি কনৰাড কে চাংমাই টুইটত লিখিছে : “মেঘালয়ে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মুৰ্মুক সমৰ্থন আগবঢ়াযইছে৷ দ্ৰৌপদী মুৰ্মু জী। এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ মহিলা হিচাপে, আমাৰ দেশৰ ৰাষ্ট্ৰপতি হিচাপে ভাৰতৰ প্ৰথম খিলঞ্জীয়া জনজাতীয় মহিলাগৰাকীলৈ সমৰ্থন আগবঢ়োৱাটো আমাৰ বাবে সন্মানৰ বিষয় হ’ব।”

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও মুৰ্মুৰ বিজয়ক লৈ আশাবাদী হৈ পৰিছে।তেওঁ টুইটাৰত কয়” আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ সকলো বিধায়ক আৰু লোকসভা আৰু ৰাজ্যসভা দুয়োটাৰ সাংসদসকলৰ সৈতে মুৰ্মুৱে বৈঠকঅনুষ্ঠিত কৰে আৰু আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে। আমি নিশ্চিত যে, দ্ৰৌপদী মুৰ্মু জী ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব” ৷