উকা হৈ পৰিল দেশৰ সংগীত ক্ষেত্ৰঃ প্ৰখ্যাত সংগীতজ্ঞ উস্তাদ ৰছিদ খানৰ মৃত্যু

Ustad Rashid Khan

দীৰ্ঘদিনীয়া অসুস্থতাৰ সৈতে যুঁজৰ অন্তত অৱশেষত হাৰ মানিলে দেশৰ প্ৰখ্যাত সংগীতজ্ঞ উস্তাদ ৰছিদ খানে। আজি বিয়লি কলকাতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

প্ৰষ্টেট কেন্সাৰ ৰোগত আক্ৰান্ত সংগীতজ্ঞগৰাকী দীৰ্ঘসময় ধৰি চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত শাস্ত্ৰীয় সংগীতজ্ঞগৰাকীৰ বয়স আছিল ৫৫ বছৰ।

তেওঁৰ মৃতদেহ সন্ধিয়া ৬ বজালৈকে কলকাতাৰ পিয়াৰলেছ চিকিৎসালয়ত ৰখা হ’ব বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ পিছতে তেওঁৰ মৃতদেহ অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে কলকাতাৰ পিচ হেভেনলৈ প্ৰেৰণ কৰা হ’ব।

শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কাইলৈ ৰাজ্যিক মৰ্যদাৰে তেওঁক অন্তিম শ্ৰদ্ধা জনোৱা হ’ব বুলি উল্লেখ কৰে।

অন্তিম ৰীতি-নীতি সম্পাদনৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধাৰ বাবে কাইলৈ কলকাতাৰ ৰবীন্দ্ৰ সদনত ৰখা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে।

উল্লেখ্য যে, বিগত বৰ্ষৰ শেষৰ ফালে চেৰিব্ৰেল আক্ৰমণত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছতে শিল্পীগৰাকীক ভেণ্টিলেচনত ৰখা হৈছিল।