NORTHEAST NOW (Assamese)

মুছলমান কৰ্মচাৰীয়ে ১ ঘণ্টা পূৰ্বেই ৰমজান মাহত যাব পাৰিব ঘৰলৈ! বিৰোধিতা বিজেপিৰ, কিন্তু ক’ত?

February 19, 2025 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2025 5:26 pm

দক্ষিণ ভাৰতৰ তেলেংগানা ৰাজ্যৰ মুছলমান বিষয়া-কৰ্মচাৰীয়ে আগন্তুক পবিত্ৰ ৰমজান মাহত এঘণ্টাৰ ছুটী আগতীয়াকৈ লাভ কৰিব। এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে।

ইয়াৰ উপৰিও তেলেংগানা চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে। কঠোৰ হিন্দুত্ববাদী দলটোৱে আনকি এই প্ৰশ্নও উত্থাপন কৰিছে যে উৎসৱৰ সময়ত হিন্দুসকলক কিয় এনে সা-সুবিধা দিয়া নহয়।

এই তথ্য ভাৰতীয় সংবাদ সংস্থা পিটিআই আৰু দ্য হিন্দু কাকতে বুধবাৰে (১৯ ফেব্ৰুৱাৰী) পৃথক পৃথক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেলেংগানা চৰকাৰে পবিত্ৰ ৰমজান মাহত মুছলমান কৰ্মচাৰীক এঘণ্টা আগতে কাৰ্যালয়ৰ পৰা ওলাই যাবলৈ অনুমতি প্ৰদান কৰিছে। আৰু এই পদক্ষেপক গৰিহণা দিছে বিৰোধী দল বিজেপিয়ে। দলটোৰ প্ৰশ্ন – উৎসৱৰ সময়ত হিন্দুসকলক এনে সুবিধা কিয় দিয়া নহয়?

চৰকাৰী অধিসূচনা অনুসৰি পবিত্ৰ ৰমজান মাহত শিক্ষক, ঠিকাভিত্তিক আৰু আউটচৰ্চ কৰা শ্ৰমিক, বৰ্ড, নিগম আৰু চৰকাৰী খণ্ডৰ কৰ্মচাৰীকে ধৰি সকলো মুছলমান কৰ্মচাৰীকে ২ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ বিয়লি ৪ বজাত কাৰ্যালয়ৰ পৰা ওলাই যাবলৈ অনুমতি দিয়া হৈছে। সেই অনুমতি তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা লাভ কৰিব।

Related News