দুৰ্গা পূজাত গুৱাহাটীত দৰ্শন নাপাব ছাগলী মাংসৰ

mutton-750x375

প্ৰতিনিধিত্বমূলক ছবি

সোমবাৰে মহা ষষ্ঠী। পূজাৰ আনন্দ উল্লাসত আপুনি জেলেপি বা অন্যান্য মিঠাইৰ সোৱাদ ল’বলৈ পালেও নাপাব ছাগলী মাংসৰ সোৱাদ।

সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ গুৱাহাটীৰ ১৫৬ খন ছাগলী মাংসৰ দোকান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে গ্ৰে’টাৰ গুৱাহাটী কুৰেশ্বি মীট এচ’ছিয়েশ্বনে।

গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাংসৰ দোকানসমূহ।

ছাগলী ব্যৱসায়ীৰ সমস্যাৰ বিষয়ে জানিবলৈ পঢ়ক– দুৰ্গা পূজাত দৰ্শন নাপাব ছাগলী মাংসৰ!

যোৱা ৯ অক্টোবৰত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই নুনমাটিৰ নবাব আনচাৰিৰ ‘আনচাৰি মিট শ্বপ’, আব্দুল ৰাজ্জাকৰ ‘ৰাজ্জাক মিট শ্বপ’ আৰু কায়াম আলিৰ ‘কায়াম মিট শ্বপ’ আগতীয়াকৈ জাননী নিদিয়াকৈ ছীল কৰি দিয়া বাবে সন্থাই এই অনিৰ্দিষ্টকালীন বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্থাৰ সাধাৰণ সম্পাদক মকবুল আহমেদে আমাক জানিবলৈ দিয়ে।

পৌৰ নিগমে পৰিচ্ছন্নতা বজাই ৰখাৰ স্বাৰ্থত আদালতৰ নিৰ্দেশ অনুসৰি ছাগলী মাংসৰ দোকানত এই অভিযান চলাই উক্ত দোকান তিনিখন ছীল কৰি দিয়া বুলি জানিব পৰা গৈছে যদিও এই কথা মানি ল’ব নোখোজে গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মীট এছ’চিয়েশ্বনে।

সোমবাৰে ভূতনাথৰ ছাগলী বজাৰত গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মীট এছ’চিয়েশ্বনে পুৱা ১০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, ‘উচ্চ ন্যায়ালয়ে আমাক চৰকাৰী কচাইখানাত গৈ ছাগলী কটাৰ বাবে যি নিৰ্দেশনা দিছে, সেয়া মানি ল’বলৈ আমি প্ৰস্তুত।‘

আনহাতে, জিএমচি কৰ্তৃপক্ষই কচাইখানাত ১২ ঘন্টা তেওঁলোকৰ নিৰীক্ষণত ৰাখি পশু চিকিৎসকৰ হতুৱাই মাংস পৰীক্ষা-নিৰীক্ষা কৰি খোৱাৰ বাবে উপযুক্ত হ’লে চীল-মোহৰ মাৰি বিক্ৰীৰ বাবে  অনুমতি দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। এইক্ষেত্ৰত জিএমচিৰ এই সিদ্ধান্ত মানি ল’ব খোজা নাই কুৰেশ্বি মীট এছ’চিয়েশ্বনে।

এই সন্দৰ্ভত তেওঁ কয়, ‘আমাক মাংসখিনি লগে লগে বা কমেও ডেৰ ঘন্টাৰ ভিতৰত দিব লাগে।এনেকুৱা নিয়ম যদি জি.এম.ছিয়ে কৰে, তেন্তে তেওঁলোকে নিজাকৈ দোকান খোলক, আমাক বাহিৰ কৰি দিয়ক।‘

তদুপৰি দেশৰ কেইবাখনো চহৰ যেনে হাইদৰাবাদ, আহমেদাবাদ, চুৰাট আনকি অসমৰ তেজপুৰত চৰকাৰী কচাইখানাত নিয়ম অনুসৰি ছাগলী কাটি ব্যৱসায়ীসকলে বিক্ৰী কৰি আহিছে বুলি জানিবলৈ দিয়ে মকবুলে।

তেওঁ লগতে কয় যে উল্লেখিত চহৰ কেইখনত চৰকাৰী নিৰ্দেশনা অনুসৰি চিকিৎসকে পৰীক্ষা কৰি ছাগলীটো কটাৰ অনুমতি দিয়ে আৰু কটাৰ পাছতো চিকিৎসকে পৰীক্ষা কৰি মাংস পৰীক্ষা কৰি চৰকাৰী ছীল-মোহৰ মাৰি স্বাস্থ্যসন্মত মাংস হিচাপে বিক্ৰীৰ অনুমতি দিয়ে।

সেয়েহে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই নিয়ম গুৱাহাটীতো প্ৰযোজ্য কৰিব লাগে বুলি দাবী জনায় মকবুল আহমেদে।

কিন্তু দুৰ্গা পূজাত বলি দিবলে অনা ছাগলীৰ ক্ষেত্ৰত বজাৰত কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় ভক্তসকল।

“আমাৰ কুৰেশ্বি বোৰে মাংস নাকাটেও, নেবেচেও। কিন্তু বলিৰ বাবে যিটো ক’লা পাঠা আছে, সেইটো বজাৰত বেপাৰীবোৰে বেছিব পাৰে, তাত বাধা নাই। কিন্তু আমাৰ মানুহখিনিয়ে যদি ঘৰত খাবৰ বাবেও কোনো গ্ৰাহকে কটা মাংস বা গোটা ছাগলীও বিচাৰে তেন্তে সেই ছাগলী নাপায় আমাৰ ওচৰত। আমাৰ এছ’ চিয়েশ্বনৰ সকলো ব্যৱসায়ী এক হৈ আছে। বলিৰ ক’লা পাঠাৰ বাদে খাবলৈ গ্ৰাহকসকলে ছাগলী সমগ্ৰ গুৱাহাটীতে নাপায়। কোনোবাই খালেও গুৱাহাটীৰ বাহিৰৰ পৰা খাব লাগিব,” জনালে আহমেদে।

আনহাতে, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই গুৱাহাটীৰ ছাগলী ব্যৱসায়ীসকলক শোষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি তেওঁ কয় যে ওপৰত উল্লেখ কৰা চহৰকেইখনৰ কচাইখানাত প্ৰতিটো ছাগলী কটাৰ বিপৰীতে ৪০ টকাকৈ আদায় লয়। ইয়াৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমে প্ৰতিটো ছাগলীৰ বিপৰীতে ১২০ টকাকৈ আদায় লয় বুলি তেওঁ কয়।

উক্ত চহৰকেইখনত প্ৰযোজ্য ধনেই গুৱাহাটী পৌৰ নিগমেও প্ৰযোজ্য কৰিবৰ বাবে নিগমক আহ্বান জনাই গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মীট এছ’চিয়েশ্বনে।

অন্য যিয়েই নহওক কিয়, গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মিট এছচিয়েশ্বনৰ এই সিদ্ধান্তই ছাগলী মাংসৰ সোৱাদ লৈ ভাল পোৱাসকলক বাৰুকৈয়ে বিমোৰত পেলাইছে।