অসমৰ হোজাইৰ হিজবুল মুজাহিদিন সন্ত্ৰাসবাদী কমৰ উজ জামানক কানপুৰত গ্ৰেপ্তাৰ

Dm-sPMyU4AMp5Ux

অসমৰ হোজাইৰ যমুনামুখৰ কমৰ উজ জামান নামৰ সন্ত্ৰাসবাদীজনক আজি উত্তৰ প্ৰদেশৰ কানপুৰত গ্ৰেপ্তাৰ কৰা হয়। কাশ্মীৰৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন হিজবুল মুজাহিদনৰ সদস্য সন্ত্ৰাসবাদী কমৰ উজ জামান ডাঃ হুৰেৰা ৰূপেও পৰিচিত।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কানপুৰৰ শিৱনগৰৰ পৰা সন্ত্ৰাসবাদী কমৰ উজ জামানক গ্ৰেপ্তাৰ কৰে। সন্ত্ৰাসবাদী জামান বৰ্তমান কানপুৰ আৰক্ষীৰ জিম্মাত আছে।

জানিব পৰা মতে, জামানে আৰক্ষীৰ জেৰাত নিজকে হিজবুল মুজাহিদনৰ সদস্য বুলি স্বীকাৰ কৰাৰ লগতে গণেশ চতুৰ্থীত কূটাঘাতৰ পৰিকল্পনা কৰাৰ কথাও স্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে চলিত বছৰৰ ৮ এপ্ৰিলত ছচিয়েল মিডিয়াত এ কে ৪৭ ৰাইফলৰ সৈতে কমৰ উজ জামানৰ ফটো প্ৰকাশ পাইছিল।  ২০১৭ চনত কাশ্মীৰত ওছামা নামৰ এজন লোকৰ সহযোগত জামানে হিজবুল মুজাহিদিনত যোগ দিছিল।

২০১৩ চনৰ পৰা জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাত বাস কৰি আছিল আৰু পৰিয়ালৰ লোকক ফুটপাথত কাপোৰ বিক্ৰী কৰি থকা বুলি জানিবলৈ দিছিল।

সেই সময়ত জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এক টুইটাৰ যোগে এই তথ্য নিশ্চিত কৰিছিল যে তেওঁৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়াসকলে জামান শ্ৰীনগৰৰ আশে পাশে থকা বুলি জানিব দিছিল।

ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা জামানৰ ফটোখনে অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।