তেইছ জুলাইৰ দিনা অৱনী বৰঠাকুৰ খুৰা গ’ল গৈ। যোৱা এবছৰমান তেখেতৰ গাটো ভাল নাছিল।এইবাৰ তেখেতক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত মই আছিলোঁ দেশৰ বাহিৰত। অতি সংকটজনক অৱস্থাত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মই আশা কৰা নাছিলোঁ যে বিদেশৰ পৰা ঘূৰি আহি তেখেতক পাম।
সেয়ে হ’ল।অৱনী বৰঠাকুৰ কোন আছিল? মই ভাবোঁ আপোনালোকে তাৰ সামান্য আভাস এটা পাব তেখেতৰ বিষয়ে ২০২০ চনৰ ৪ ফেব্ৰুৱাৰী আৰু ২০২৩ চনৰ ২৬ ডিচেম্বৰৰ দিনা মই ফেইচবুকত লিখা তলৰ কথাখিনিৰ পৰা।তেখেত কোন আছিল? এটা সময় আছিল যিটো সময়ত তেখেতে যিসসকল ব্যক্তিৰ লগত উঠা-বহা কৰিছিল তেখেতসকলে অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱন প্ৰভাৱিত কৰিছিল।
কোন আছিল সেই সকল ব্যক্তি? দেৱপ্ৰসাদ বৰুৱা,গৌৰী শংকৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, জয়ন্ত মাধৱ, সুচেন ভূঞা, নিৰুপমা বৰগোহাঞি আৰু কত কিমান? অৱনী বৰঠাকুৰ তেখেতসকলৰ সমান আছিল বা কোনো কোনো ক্ষেত্ৰত তেখেতসকলৰ কোনোজনতকৈ ওপৰতহে আছিল।তেনেহ’লে আমি বা আমাৰ সমসাময়িক সকলে অৱনী বৰঠাকুৰৰ বিষয়ে কিয় ইমান কমকৈ জানিছিলোঁ? তাৰ একমাত্ৰ কাৰণ আছিল তেখেত গুৱাহাটীত নথকাটো।
বৰঠাকুৰ খুৰা ২০১৭ চনতহে গুৱাহাটীলৈ আহিছিল।আৰু তেতিয়াৰে পৰা সৌসিদিনালৈকে মানে ২০২৩ চনলৈ তেখেত গুৱাহাটীৰ ৰাজহুৱা জীৱনৰ অবিচ্ছেদ্য অংগ আছিল।মোৰ দৃষ্টিত বৰঠাকুৰ খুৰাৰ কৰ্মজীৱনক আমি তিনিটা ভাগত ভগাব পাৰোঁ।ছাত্ৰ-ৰাজনীতি, ৰাজনীতি আৰু গঠনমূলক কাম।কমিউনিজিমৰ শিক্ষা তেওঁ পৰিয়ালতে পাইছিল।তেওঁলোকৰ ঘৰখনত সৰুৰে পৰা এটা পঢ়া-শুনাৰ পৰিবেশ আছিল। বাহিৰৰ কাকত-পত্ৰ আৰু কিতাপ আদি পোষ্টত মগাই আনি তেওঁলোকে পঢ়িছিল।স্কুলীয়া দিনৰে পৰা বৰঠাকুৰ খুৰা বামপন্থী ৰাজনীতিৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, বিশেষকৈ অসমৰ প্ৰথম কমিউনিষ্ট, তেওঁৰ মোমাইদেউ জগন্নাথ ভট্টাচাৰ্যৰ সংস্পৰ্শলৈ আহি।
কিন্তু ১৯৪৮ চনত কটন কলেজত ভৰ্তি হোৱাৰ পিছৰে পৰা তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিল।ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম শাখাৰ সম্পাদক হিচাপে সাংগঠনিক কামত তেওঁ অসমৰ চাৰিওফালে ঘূৰি ফুৰিছিল।অসমৰ ছাত্ৰ ৰাজনীতিত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তেখেতৰ ‘অভিজ্ঞতাৰ আলোকত: এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতিকথা’ পঢ়ি তেখেতে লিখা কথাবোৰ মই ভালদৰে হৃদয়ংগম কৰিব পাৰিছোঁ এই কাৰণেই যে মাত্ৰাৰ তাৰতম্য সত্ত্বেও তেখেতে ১৯৪৮/৪৯ চনত কৰা কামবোৰ আমিও ১৯৭৯/৮০ কৰিছিলোঁ কটন কলেজত।
আমিও সংগঠনৰ কামত দিনটো টলৌ টলৌকৈ ঘূৰি ফুৰি সন্ধিয়া হোষ্টেলৰ গেট বন্ধ হোৱাৰ পিছত, হোষ্টেলৰ আবাসী সকল পঢ়াত ব্যস্ত থকা গহীন পৰিবেশ এটাত কোনোবাই বহলোৱা চিকৰ মাজেৰে হাতত সাৰে ভৰিত সাৰে হোষ্টেলত সোমাইছিলোঁ।শ্ৰেণীকোঠাৰ পঢ়াশুনাৰ প্ৰতি আমিও তেওঁৰ দৰেই উদাসীন আছিলোঁ।বোধহয় তেওঁৰ দৰে, আমাৰ দৰে তেওঁৰ ল’ৰা শান্তনুহঁতেও তেনে কৰিছিল ১৯৯০ৰ দশকত।সি যি কি নহওক ছাত্ৰ-ৰাজনীতিৰ পিছত তেওঁ ব্যস্ত হৈ পৰিছিল প্ৰকৃত দলীয় ৰাজনীতিত।পাৰ্টিৰ কামত। কৃষক-শ্ৰমিক আন্দোলনত।
তাৰপিছত তেওঁ ব্যস্ত হৈ পৰিছিল শিক্ষানুষ্ঠান গঢ়াত।নাজিৰা কলেজৰ জন্মদাতা আছিল অৱনী বৰঠাকুৰ।নাজিৰাবাসীয়ে তেওঁক কিমান ভাল পাইছিল তাৰ চিন তেওঁ জীয়াই থাকোঁতে ৰাইজৰ দান বৰঙণিৰে কলেজত প্ৰতিষ্ঠা কৰা তেওঁৰ আৱক্ষ মূৰ্তিটো।অৱনী বৰঠাকুৰৰ শীৰৰ ভূষণ আছিল তেওঁৰ সততা।সত্যৰ সৈতে তেওঁ কেতিয়াও আপোচ কৰা নাছিল।সাধাৰণ মানুহৰ কল্যাণ আছিল তেওঁৰ জীৱন বীক্ষা।গভীৰ অধ্যয়নপুষ্ট আৰু বুদ্ধিদীপ্ত ব্যক্তিত্বৰ অধিকাৰী অৱনী বৰঠাকুৰ আছিল এগৰাকী ভাল বক্তা। শান্তনুৱে তেখেতৰ পৰাই এই গুণ আয়ত্ত কৰিছে।আজীৱন কমিউনিষ্ট আন্দোলনৰ লগত যুক্ত ব্যক্তিজন কিন্তু পাৰ্টিৰ ভুল-ভ্ৰান্তিৰ প্ৰতি নীৰৱ নাছিল।শেষৰ ফালে তেওঁ পাৰ্টিৰ পৰা পদত্যাগ কৰিছিল যদিও পাৰ্টিৰ মানুহখিনিৰ লগত তেওঁৰ সম্পৰ্ক আছিল সৌহাৰ্দ্যৰ।
ওৰেটো জীৱন কমিউনিষ্ট আন্দোলনৰ লগত জড়িত হৈ থাকি অশেষ ক্লেশ স্বীকাৰ কৰা মানুহজনে কিন্তু শেষৰ ফালে গান্ধী চিন্তাৰ দ্বাৰা বাৰুকৈয়ে অনুপ্ৰাণিত হৈছিল।শেষ বয়সত তেখেতে গান্ধীৰ বিষয়ে এখন কিতাপ লিখিছিল। সেই কিতাপখন অলপতে প্ৰকাশ পাব।সেইখন কিতাপ পঢ়িবলৈ মই উদগ্ৰীৱ হৈ আছোঁ।বৰঠাকুৰ খুৰাৰ ‘অভিজ্ঞতাৰ আলোকত: এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতিকথা’ এখন অতি গুৰুত্বপূৰ্ণ কিতাপ। ই ভাৰতৰ, বিশেষকৈ অসমৰ এটা সময়ৰ ৰাজনীতি, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক তথ্য ভাণ্ডাৰ আৰু উঁহ।
কিতাপখন লিখোঁতে তেখেতক যদি কোনো গৱেষণা সহায়কাৰী এগৰাকীয়ে সহায় কৰিলেহেঁতেন, কোনোবাই যদি কিতাপখন সম্পাদনা কৰিলেহেঁতেন আৰু তাত যদি এটা নিৰ্ঘন্ট সংযোগ কৰিলেহেঁতেন কিতাপখনৰ মূল্য আৰু সৌন্দৰ্য অধিক বাঢ়িলহেঁতেন।মোৰ ব্যক্তিগতভাৱে এটা অনুশোচনা থাকি গ’ল। মই তেখেতক লগ পালোঁ তেখেতৰ জীৱনৰ শেষৰ ফালে।মই তেখেতৰ লগত এটা দীঘলীয়া সাক্ষাৎকাৰ ল’ব বিচাৰিছিলোঁ। সেইটোও হৈ নুঠিল।আজি বৰঠাকুৰ খুৰাৰ শ্ৰাদ্ধৰ দিনা মই তেখেতলৈ মোৰ গভীৰ ভালপোৱা আৰু শ্ৰদ্ধা জনাইছোঁ।তেখেত আমাৰ পাঠেয় হৈ ৰওক।
* * * *
কি এক অমিয়া সঙ্গ
নিজৰ সীমাবদ্ধতাৰ আৰু কিমান নজিৰ লাগে? অৱনী বৰঠাকুৰ বোলা মানুহ এজন যে আছে সৌ সিদিনালৈ জনাই নাছিলোঁ৷ মানুহজনৰ সান্নিধ্য কি মজাৰ! তেখেত এজন পণ্ডিত আৰু ঐতিহাসিকো৷ তেখেতৰ ‘অভিজ্ঞতাৰ আলোকত: এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতিকথা’ পঢ়ি মই অভিভূত হৈছিলোঁ৷ তেখেতৰ বয়স এতিয়া ৯১ বছৰ৷সেই কিতাপখন পঢ়া দিনৰে পৰা মই তেখেতৰ গুণগ্ৰাহী৷ তেখেতসকলৰ সময়! এতিয়াৰ সময়! তেতিয়া কি কুটিলতা নাছিল? আছিল, কিন্তু এতিয়া কুটিলতা কুটিলতৰ হৈছে৷ ইমান দিনে সকলোৱে লেই লেই ছেই ছেই কৰা আৰু বটলত আৱদ্ধ কৰি থোৱা জিনটো বটলৰ পৰা বাহিৰ হৈ এতিয়া কি তাণ্ডৱ কৰিছে!
তাক আকৌ কেনেকৈ বটলত সোমোৱা যায় তাক লৈ এতিয়া সকলো বিপাঙত! সি যিকি নহওক, মই তেখেতৰ কিতাপখনৰ বিষয়ে লিখিম বুলি ভাবিও এতিয়ালৈ লিখিব পৰা নাই৷তেখেতৰ গাটো অলপ বেয়া৷বেয়া মানে, আজি কেইদিনমান আগতে, মানে উৰুকাৰ সময়ত, পিছ নিশা তেওঁ ৱাথৰুমলৈ যাবলগা হ’ল৷ ঘৰৰ মানুহক জগালে তেওঁলোকৰ অসুবিধা হ’ব বুলি কাকো নোকোৱাকৈ ৱাথৰুমলৈ যাওঁতে ভাৰসাম্য হেৰুৱাই তেওঁ বাগৰি পৰিল৷ পৰিলে মানে ততভত নোহোৱাকৈ চিতভোলোঙা খাই পৰি থাকিল৷ কিবাকৈ পুতেক শান্তনুৱে গম পাই দাঙি আনিলে আৰু লগে লগে জি এন আৰ চিত ভৰ্তি কৰালে৷ শান্তনুৰ লগত প্ৰায় প্ৰতিদিনে মোৰ ফোনত কথা হয়৷ হেৰা, তুমি ক’ত? দাদা, মই জি এন আৰ চিত৷ হঠাৎ তেখেতৰ গাটো বেছি বেয়া হ’ল৷
মাত-বোল নোহোৱাৰ দৰেই৷ মই তেখেতৰ খবৰ কৰিবলৈ গ’লোঁ৷ আচৰিত কথা- বিছনাৰ ওচৰলৈ গৈ তেখেতৰ ফালে চাওঁতে মোৰ ফালে চাই তেখেতে আগৰদৰে মিচিকিয়াই হাঁহিলে৷ কিছু সময় থাকি, ওলাই আহিবৰ সময়ত হাতখন আগবঢ়াই দিলত, কি উষ্মতাৰে হাতখনত জোৰকৈ ধৰিলে৷ মোৰ বৰ ভাল লাগিল৷ মই তেখেতৰ খবৰ লৈ আছিলোঁ৷ তেওঁ প্ৰায় সম্পূৰ্ণ সুস্থহৈ ঘৰলৈ উভতি আহিছে যদিও এতিয়াও ঘৰতে জিৰণি লৈ আছে৷ মই বোলোঁ, আকৌ এবাৰ নাযাওঁ কিয় তেওঁৰ তালৈ! ঘৰলৈ গৈ বহিছোঁ৷ মই ভাবিছোঁ বোধহয় মোক এতিয়া এওঁলোকে তেওঁৰ বিছনাৰ কাষলৈ লৈ যাব৷ নাই, অলপ পিছত তেখেত নিজেই ওলাই আহিল৷ আহিয়েই – বুজিছে বৰ বেয়া সময়ত পৰিলোঁ৷ এনে সময়তে যাবৰ হ’ল৷ মই বোলোঁ, ’বুজিছে’ নহয় ’বুজিছা’৷
তেখেতে মিচিকিয়াই হাঁহিলে৷চৰকাৰে কি কৰিছে দেখিছানে? গান্ধীয়ে কি কৈছিল? চৰকাৰক ন্যাসৰক্ষী হ’ব লাগে বুলি কৈছিল৷ আৰু এতিয়া চৰকাৰে যি মন যায় তাকে কৰিবলৈ লৈছে৷ এই যে ভাষাবিদ এগৰাকী আছে? আজিকালি নামবোৰ বৰকৈ পাহৰোঁ? কি চমস্কী, অ’ তেওঁ সেইদিনা ক’ত জানো কৈছিল পুঁজিবাদৰ চৰিত্ৰৰ বিষয়ে- বোলে ই শোষণ ঠিকেই কৰিব আৰু মাজে এনেকৈ বিনা পইছাৰ চেনী চাউলো দুখীয়াৰ মাজত চতিয়াই দিব৷ হয়তো, তেওঁলোকে মানুহক নাগৰিক হোৱাটো নিবিচাৰে নহয়, তেওঁলোকৰ গোলাম হোৱাটোহে বিচাৰে৷
এনেদৰে সেই অকণমান সময়তে গান্ধী, মাৰ্ক্স, জয় প্ৰকাশ নাৰায়ণ, বিপান চন্দৰ ‘In the Name of Democracy: The JP Movement and the Emergency’ কত কিমান কথা যে নোলাল! এৰা, জীৱন সামৰিবৰে হ’লে, জীৱনটোত একোৱেই নহ’ল৷ খুৰা, ইমান দৌৰা-দৌৰি কিহৰ! আৰু জীৱনৰ সাৰ্থকতা বিচাৰৰ দুটা মাপকাঠি আছে- এটা হ’ল মূৰ্ত আৰু আনটো হ’ল বিমূৰ্ত৷ মূৰ্তটো সকলোৱে জানে- ঘৰ, মাটি ইত্যাদি ইত্যাদি, আৰু বিমূৰ্তটো হ’ল সামাজিক মূল্যবোধ সৃষ্টি৷ এই দ্বিতীয় বস্তুটো জনসাধাৰণৰ আচৰণ, ব্যৱহাৰত মিলি থাকে, বিয়পি থাকে৷
সেইটো নহ’লে সমাজত আজি যিখিনি আছে সেইখিনিও নাথাকিব৷ তাত আপোনালোকৰ দৰে মানুহৰ অৱদান অপৰিসীম৷ ক’ব নোৱাৰোঁ নিজে কি কৰিলোঁ৷ কিন্তু সামাজিক মূল্যবোধ সৃষ্টিৰ কথাটো একেবাৰে সঁচা৷ এনেতে পৰিয়ালৰ মানুহ আহি ওলাল, শান্তনুৰো যাবৰ হ’ল চেম্বাৰলৈ৷ গতিকে চাহ খাই ময়ো বিদায় ল’লোঁ৷ আকৌ এদিন যাব লাগিব৷ তেওঁৰ অমূল্য কথা বাণীবদ্ধ কৰিব লাগিব৷
(৪ ফেব্ৰুৱাৰী, ২০২০)
এক অসাধাৰণ ব্যক্তিত্ব:
অৱনী বৰঠাকুৰ
খুৰাক যেতিয়াই লগপাওঁ তেতিয়াই মই আচৰিত হওঁ।তেওঁ যিবোৰ কথা কয় কোনো ডেকা পণ্ডিতৰ পৰা তেনে কথা নুশুনোঁ। সাধাৰণতে কি হয়, বয়সস্থ মানুহবোৰে তেওঁলোকৰ নিজৰ জগততে বিচৰণ কৰি থাকে।তেখেতৰ বয়স এতিয়া ৯৪। অলপতে হাড়ৰ অস্ত্ৰোপচাৰ এটা হৈ যোৱাৰ পিছত ফিজিঅ’ থেৰাপী কেন্দ্ৰ এটাত কিছুদিন চিকিৎসাধীন হৈ আছে। মই কালি সন্ধিয়া তেখেতৰ খবৰ কৰিবলৈ গৈছিলোঁ।মোক দেখি কি ধুনীয়াকৈ হাঁহি এটা মাৰি হাতখন আগবঢ়াই দিলে।মই তেখেতৰ গান্ধীৰ বিষয়ে লিখা কিতাপখনৰ কথা উলিয়ালোঁ।বেমাৰৰ কথা ক’ৰবাত থাকিল।গান্ধী, মাৰ্ক্স, টেণ্ডুলকাৰৰ গান্ধী সমগ্ৰ, ফিচাৰ, ৰামচন্দ্ৰ গুহৰ গান্ধীৰ বিষয়ে লিখা কিতাপৰ কথা ওলাল।আৰু কত কি? মাৰ্ক্সৰ দীঘলীয়া উদ্ধৃতি এটা আওৰালে। ফিচাৰৰ কিতাপখনৰ শেষৰ ফালে টলষ্টয় আৰু গান্ধীৰ মাজত হোৱা যোগাযোগৰ বিষয়ে উলিয়ালোঁ৷ তেওঁ ক’লে গান্ধী চিৰদিন মানুহৰ মাজত জীয়াই থাকিব৷ কিয়নো তেওঁ মানুহৰ মাজত কাম কৰিছিল৷ আমি কমিউনিষ্ট সকলে এসময়ত গান্ধীক অলপ সংকীৰ্ণ দৃষ্টিৰে চাইছিলোঁ৷ মই কথাটো মোৰ কিতাপতো লিখিছোঁ৷ তেখেতৰ কথাবোৰ শুনি মই অবাক।এনে পণ্ডিত মানুহ মই খুব কমেই পাইছোঁ।বিছনাত পৰি থকা মানুহজনে কোৱা কথাবোৰ মই কেৱল তেখেতৰ ফালে চাই মন্ত্ৰমুগ্ধ হৈ শুনি গৈছোঁ।মই লক্ষ্য কৰিছোঁ শান্তনুহঁতৰ বৃহত্তৰ বৰঠাকুৰ পৰিয়ালটোত তেখেতৰ জ্ঞান,ব্যক্তিত্ব আৰু মূল্যবোধৰ প্ৰভাৱ অসামান্য।কালি সন্ধিয়া সেই কোঠাটোত পৰিয়ালটোৰ সৰু/ডাঙৰবোৰৰ খিচিৰ-মিচিৰ কথাবোৰ শুনি মোৰ সেইটো অনুমান হৈছিল। মই তন্ময় হৈ বৰঠাকুৰ খুৰাৰ লগত কথাপাতি থাকোঁতে শান্তনুৱে তোলা ছবি।
(২৬ ডিচেম্বৰ,২০২৩)