ৰাখাইন প্ৰদেশত ম্যানমাৰ সেনাই গুলীয়াই নিহত কৰিলে ৬ জন নিৰস্ত্ৰ কাৰাবন্দীক

myanmar-kia-soldiers-kachin-state-undated-photo-1140x570

বাৰ্মিজ সেনা (প্ৰতিনিধিত্বমূলক ফটো)

ম্যনমাৰৰ ৰাখাইন প্ৰদেশত সেনাৰ অস্ত্ৰ কাঢ়িবলৈ চেষ্টা কৰাৰ অভিযোগত সুৰক্ষা বাহিনীয়ে ৬ জন কাৰাবন্দীক গুলীয়াই নিহত কৰে।

‘বিবিচি’ৰ এক বাতৰি অনুসৰি, ম্যানমাৰ সেনাই এখন গাঁৱত বিচাৰাধীন কাৰাবন্দী কেইজনক গুলীয়াই নিহত কৰে। ৰাখাইনৰ জনগোষ্ঠীয় বৌদ্ধ কাৰাবন্দী কেইজনক আৰাকান বিদ্ৰোহীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সোধপোছৰ বাবে লোৱা হৈছিল।

বাতৰি অনুসৰি ম্যানমাৰ সেনা আৰু বিদ্ৰোহীসকলৰ মাজত সংঘটিত শেহতীয়া সংঘৰ্ষত ৩০,০০০ তকৈয়ো অধিক বৌদ্ধ সাধাৰণ নাগৰিক স্থানান্তৰিত হৈছে।

বিগত বছৰবোৰত ৰহিংগ্যা মুছলমানসকলক বাংলাদেশলৈ খেদি পঠোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰি থকাৰ পাছত আন জনগোষ্ঠীয় সংখ্যালঘুসকলৰ সৈতেও ম্যানমাৰ সেনাৰ প্ৰায়ে সংৰ্ঘষ চলি আছে।

‘বিবিচি’ৰ মতে সাংবাদিক আৰু বেছিভাগ সাহায্যকাৰী সংস্থাক উত্তৰ ৰাখাইনত নিষিদ্ধ কৰা হৈছে আৰু বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰকৃততে কি ঘটিছিল সেয়া স্পষ্ট নহয়।

পশ্চিম ম্যানমাৰৰ দৰিদ্ৰ পীড়িত ৰাখাইন প্ৰদেশত বছৰ বছৰ ধৰি যুদ্ধ আৰু অস্থিৰতা বিৰাজমান।

সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়েৰ জেনেৰেল জ’ মিন টুনে কয় যে আটকাধীন কেইজনে ‘সুৰক্ষা বাহিনীক আক্ৰমণ কৰাৰ’ চেষ্টা কৰোতে বৃহস্পতিবাৰে পুৱা গুলীওৱা হৈছিল। তেওঁ দাবী কৰে যে গুলীওৱাৰ বাদে সেনাৰ হাতত কোনো বিকল্প নাছিল।

২০১৬ চনৰ পৰা ৰাখাইনৰ পৰা হাজাৰ হাজাৰ ৰহিংগ্যা মুছলমান খেদি পঠিওৱা হৈছে। ম্যানমাৰ সেনাই অস্বীকাৰ কৰিলেও ৰাষ্ট্ৰসংঘই ৰহিংগ্যা মুছলমানৰ বিৰুদ্ধে ম্যানমাৰ সেনাই যুদ্ধ অপৰাধ সংঘটিত কৰিব পাৰে বুলি বিশ্বাস কৰে।