ম্যানমাৰে প্ৰথমবাৰৰ বাবে যোৱাটো মাহত ইয়াৰ নেপিয়টোত অনুষ্ঠিত কৰে প্ৰথমখন আন্তৰ্জাতিক বিনিয়োগ সন্মিলন। এই দুদিনীয়া সন্মিলনখনত দহখন ৰাজ্য তথা অঞ্চলত তিনি বিলিয়ন আমেৰিকান ডলাৰ ব্যয় সাপেক্ষ ১২০ টা প্ৰকল্পৰ অনুমোদন হয়।
আনহাতে, সন্মিলনৰ দ্বিতীয় দিনাখন দেশৰ বিনিয়োগ তথা বিদেশ অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ মন্ত্ৰী ইউ থাউঙ টুনে আন্ত:ৰাষ্ট্ৰীয় অতিথিসকলক সম্বোধন কৰি তেওঁলোকে কিয় দক্ষিণ-পূব এছিয়াৰ ‘শ্ৰেষ্ঠ প্ৰান্তীয় প্ৰহৰী’ দেশখনত বিনিয়োগ কৰা উচিত তাৰ সম্যক ব্যাখ্যা আগবঢ়ায়।
চৰকাৰৰ ‘লুক ইষ্ট’ নীতিৰ অধীনত বিষয়াসকলে দেশখনৰ অৰ্থনীতি টনকিয়াল কৰা লক্ষ্যৰে এছিয়াৰ দেশসমূহৰ সহযোগ বিচাৰি ভ্ৰমণ কৰিছে।
এই সন্মিলনখন পূব এছীয় দেশসমূহৰ পৰা বিনিয়োগ বৃদ্ধি কৰাৰ লক্ষ্যৰে এক অংশ আছিল। সন্মিলনত ১৭ খন দেশৰ বিদেশী আৰু স্থানীয় প্ৰতিনিধিকে ধৰি ১,৬০০তকৈয়ো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু ৪০ টা কোম্পানীয়ে ইয়াত তেওঁলোকৰ প্ৰদৰ্শন আগবঢ়ায়। সন্মিলনত অংশগ্ৰহণ কৰা শীৰ্ষ দেশসমূহৰ ভিতৰত আছিল চীন, জাপান, ছিংগাপুৰ আৰু থাইলেণ্ড।
এতিয়া প্ৰশ্নটো হৈছে ভাৰতেও বহুদিনৰ পৰা ‘লুক ইষ্ট’ নীতিৰ পোষকতা কৰি আহিছে। দক্ষিণ-পূব এছিয়াত বাণিজ্যিক সম্ভাৱনাৰ লগতে এই দেশসমূহ প্ৰচুৰ লাভৱান হ’ব।
উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত দেখা যায় যে অঞ্চলটোৰ ভৌগলিক স্থিতি ভাৰতৰ লুক ইষ্ট নীতি ৰূপায়নৰ বাবে আটাইতকৈ উপযুক্ত স্থান। সমগ্ৰ অঞ্চলটোৱে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখস্বৰূপ। সেয়েহে, উত্তৰ-পূৰ্বাঞ্চলৰ যোগযোগ ব্যৱস্থাৰ আন্ত:গাঁথনিৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ যাতে ইয়াক দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশ বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ভিয়েটনাম, ভূটান আৰু চীনৰ সৈতে সম্পৰ্কিত কৰি তুলিব পাৰি।
এই সন্দৰ্ভত দক্ষিণ-পূব এছিয়াৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ সুলভ কৰি তুলিবলৈ শক্তিশালী আন্ত:গাঁথনি ব্যৱস্থাৰ প্ৰয়োজন। পথ পৰিবহন তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে শেহতীয়াভাৱে অঞ্চলটোত বহুতো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ কাম হাতত লৈছে। প্ৰকল্পসমূহ সোনকালে সম্পূৰ্ণ হৈ উঠিলে লুক ইষ্ট নীতি বাস্তৱায়িত হোৱাৰ দিশত অধিক তৰান্বিত হ’ব।
চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পসমূহৰ ভিতৰত ষ্টীলৱেল পথ বা ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথো আছে। চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই পথসমূহ ম্যানমাৰৰ প্ৰয়োজনীয় সহযোগিতাত চীনৰ সৈতে সম্পৰ্কিত কৰি তুলিবলৈ উন্নয়ন কৰি তোলাৰ বাবে বিবেচনা কৰিব পাৰে।
দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত পথ যোগাযোগৰ বাবে লগতে সুলভ এছিয়ান হাইওৱে নেটৱৰ্কৰ বৰ্তমান অসমৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিমাপুৰ-কোহিমা আৰু ইম্ফল হৈ ম্যানমাৰৰ সীমান্ত চহৰ ম’ৰে ওলাবগৈ পাৰি। এই পথটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো ই একেটা ঘাইপথ নেটৱৰ্কৰ জৰিয়তে থাইলেণ্ড, লাওচ, ভিয়েটনাম, কম্বোদিয়া, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ সৈতেও সম্পৰ্কিত কৰিব পাৰে।