NORTHEAST NOW (Assamese)

জেলত মৃত্যু আং ছান চ্যু কীৰ? পুত্ৰৰ আশংকাৰ পাছত মুখ খুলিছে জুন্টাই

December 17, 2025 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী

ম্যানমাৰৰ নোবেল বঁটা বিজয়ী তথা ক্ষমতাচ্যুত নেত্ৰী আং ছান চ্যু কী জীয়াই আছেনে? শেহতীয়াকৈ তেওঁৰ পুত্ৰ কিম এৰিছে এনে আশংকা প্ৰকাশ কৰিছে। বৰ্তমান লণ্ডনত থকা কিমে সংবাদ সংস্থা ৰয়টাৰ্ছক দিয়া এক সাক্ষাৎকাৰত সন্দেহ প্ৰকাশ কৰি কয় যে তেওঁৰ মাতৃক বহুদিন ধৰি ৰাজহুৱা স্থানত দেখা পোৱা নাই। তেওঁ প্ৰশ্ন উত্থাপন কৰে, “আমি কেনেকৈ জানিম মা জীয়াই আছে?” এনে মন্তব্যৰ পাছতেই চ্যু কীৰ মৃত্যুক লৈ বিভিন্ন উৰাবাতৰি বিয়পি পৰিছে। এই সন্দৰ্ভত এতিয়া সামৰিক শাসক ‘জুন্টা’ই মুখ খুলিছে। তেওঁলোকে জনাইছে যে আং ছান চ্যু কীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ।

আং ছান চ্যু কীৰ পুত্ৰ কিমে পূৰ্বেও কৈছিল, “দুবছৰতকৈও অধিক সময় হ’ল, মোৰ মাক ৰাজহুৱাভাৱে দেখা পোৱা নাই। কেৱল পৰিয়ালৰ সদস্যই নহয়, আনকি উকীলসকলেও তেওঁক লগ কৰিব পৰা নাই। আমি কেনেকৈ নিশ্চিত হম যে তেওঁ জীয়াই আছে?” ইয়াৰ পিছতে জুন্টা চৰকাৰৰ পৰিচালিত ম্যানমাৰৰ চৰকাৰী বাতৰি কাকতত এক বিবৃতি প্ৰকাশ পায়। ইয়াত দাবী কৰা হৈছে যে ‘আং ছান চ্যু কী সুস্থ আছে।’ অৱশ্যে সামৰিক চৰকাৰে এই দাবীৰ সমৰ্থনত কোনো শক্তিশালী প্ৰমাণ দাঙি ধৰিব পৰা নাই।

উল্লেখ্য যে দেশদ্ৰোহ, উৎকোচ গ্ৰহণ আৰু দূৰসংযোগ আইন উলংঘাৰ দৰে বিভিন্ন অভিযোগত নোবেল বঁটা বিজয়ী নেত্ৰীগৰাকীক ২৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। অৱশ্যে চ্যু কীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। ইয়াৰ পূৰ্বে ১৯৮৯ চনৰ পৰা ২০১০ চনৰ ভিতৰত প্ৰায় ১৫ বছৰ ধৰি তেওঁ গৃহবন্দী হৈ আছিল।

বিশ্বৰ বিভিন্ন দেশৰ নেতা আৰু গণতন্ত্ৰকামী সংগঠনসমূহে বাৰে বাৰে আং ছান চ্যু কীক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ আহ্বান জনাই আহিছে। কিন্তু সামৰিক অভ্যুত্থানৰ চাৰি বছৰৰ পাছতো তেওঁ কাৰাগাৰতেই বন্দী হৈ আছে। তেওঁৰ স্বাস্থ্য আৰু নিৰাপত্তাক লৈ এতিয়া সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি হৈছে।

Related News