অধিক হিংস্ৰ হৈ উঠিছে ম্যানমাৰৰ জুণ্টা : নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় ১৫ গৰাকী স্বাস্থ্য কৰ্মীক হত্যা

thjc-Myanmar1

কেৱল গণতন্ত্ৰকামী সাধাৰণ জনতাৰ ওপৰতে নিৰ্বিচাৰে গুলীচালনা কৰি ক্ষান্ত থকা নাই ম্যানমাৰৰ সামৰিক শাসক।

এইবাৰ দেশখনৰ গণতন্ত্ৰকামী স্বাস্থ্য কৰ্মীৰ ওপৰতো নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছে জুণ্টাই।

বৃহস্পতিবাৰে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ অন্যতম প্ৰধান চহৰ মান্দালয়ৰ গণতন্ত্ৰকামী হাজাৰ হাজাৰ চিকিৎসা কৰ্মী তথা চিকিৎসকৰ ওপৰত গুলীচালনা কৰে জুণ্টাৰ সেনাই।

বৃহস্পতিবাৰে চহৰখনৰ হাজাৰ হাজাৰ স্বাস্থ্য কৰ্মীয়ে দেশখনত গণতন্ত্ৰৰ পুনঃ প্ৰতিষ্ঠাৰ বাবে এক প্ৰতিবাদী বিশাল সমদল উলিয়াইছিল।

চিকিৎসকসহ স্বাস্থ্য কৰ্মীসকলৰ এই প্ৰতিবাদী কণ্ঠস্বৰ বন্ধ কৰিবলৈ সমদলটোৰ ওপৰত সামৰিক শাসকৰ সেনাই নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে।

উক্ত গুলীচালনাত অতি কমেও ১৫ গৰাকী প্ৰতিবাদী চিকিৎসা কৰ্মীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু বহু চিকিৎসা কৰ্মী আহত হোৱাৰো খবৰ আহিছে।

ইফালে স্বাস্থ্য কৰ্মীৰ ওপৰত গুলীচালনা কৰাৰ পাছতো এই নাৰকীয় তথা মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে জুণ্টাই কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে পাহাৰীয়া দেশখনতো আৰম্ভ হৈথছে নৱবৰ্ষৰ। এপ্ৰিলৰ প্ৰথমটো সপ্তাহত দেশখনত নৱবৰ্ষ সপ্তাহ হিচাপে উদযাপন কৰা হয়।

এই নৱবৰ্ষৰ সপ্তাহটোত সামৰিক শাসকৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীৰে পুনৰ দেশজুৰি আৰম্ভ হৈছে প্ৰতিবাদ।

উল্লেখ্য যে যোৱা ১ ফ্ৰেবুৱাৰিত আং চান চ্যু কীক ক্ষমতাচ্যুত কৰি দেশখনৰ সেনাই ক্ষমতা হস্তগত কৰিছিল। তেতিয়াৰ পৰাই দেশখনৰ গণতন্ত্ৰকামী জনতাই পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশজুৰি তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় সকীয়নিলৈ ভ্ৰূক্ষেপ নকৰি ম্যানমাৰ সেনাই গুলীচালনা কৰি এই প্ৰতিবাদী আন্দোলনক অতি কঠোৰ হাতেৰে দমন কৰি আহিছে।

যোৱা ফেব্ৰুৱাৰিৰ পৰা ম্যানমাৰ সেনাই প্ৰতিবাদী জনতাৰ ওপৰত চলোৱা নিৰ্বিচাৰ গুলীচালনাত শিশুসহ ৭০০ৰো অধিক সাধাৰণ লোকৰ মৃত্যু হৈছে।