বিদ্ৰোহৰ সন্মুখত দিশহাৰা ম্যানমাৰৰ জুন্টা; সহায় বিচাৰি চীনৰ দুৱাৰত টোকৰ

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

বিদ্ৰোহৰ ফলত দিশহাৰা হৈ পৰিছে ম্যানমাৰৰ জুন্টা চৰকাৰ। দেশৰ আভ্যন্তৰীণ পৰিস্থিতি ক্ৰমাৎ সংঘাতপূৰ্ণ হৈ পৰিছে। ইয়াৰ মাজতে সশস্ত্ৰ সংগঠনসমূহে দেশৰ প্ৰায় আধা অংশ দখল কৰিছে। জুন্টা চৰকাৰৰ বিৰুদ্ধে তেওঁলোক একত্ৰিত হৈছে।

এনে পৰিস্থিতিত জুন্টা চৰকাৰখন শলঠেকত পৰিছে। সেয়ে, চীনৰ সহায় ভিক্ষা বিচাৰিছে সামৰিক চৰকাৰ। বৈদেশিক মন্ত্ৰী থান শ্বৱে আৰু কেইবাজনো সামৰিক নেতাই বৃহস্পতিবাৰে নিশা দেশত থকা চীনৰ ৰাষ্ট্ৰদূত চেন হাইৰ সৈতে সাক্ষাৎ কৰে।

লগতে পঢ়কঃ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কাৰ্যত কেপ্তেইন ডিস্ক; কোন তেওঁ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দ্বিপাক্ষিক সম্পৰ্ক, দুয়োখন দেশৰ বাবে উপকাৰী যৌথ প্ৰকল্প ৰূপায়ণ, সীমান্তত শান্তি, স্থিতিশীলতা আৰু আইনৰ শাসন বজাই ৰখা আদি বিষয়ক বৈঠকত আলোচনা কৰা হয়।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ সেনাই অভ্যুত্থানেৰে আং ছান ছু কীৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ নেতৃত্বৰ চৰকাৰক উৎখাত কৰে। তেতিয়াৰ পৰাই গণতন্ত্ৰ পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিভিন্ন ঠাইত বিদ্ৰোহ আৰম্ভ হয়। উত্তৰ ম্যানমাৰৰ ছান আৰু ছাগিয়াং প্ৰদেশত শেহতীয়াকৈ সফলতা লাভ কৰাৰ পিছত বিদ্ৰোহী গোটসমূহ—টাং নেচনেল লিবাৰেচন আৰ্মী, আৰাকান আৰ্মী আৰু ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মীৰ নতুন জোঁট ‘ব্ৰাদাৰহুড এলায়েন্স’য়ে পশ্চিম চীন আৰু ৰাখাইন প্ৰদেশত আক্ৰমণ চলাইছে।

লগতে পঢ়কঃ ৰেড ক্ৰছৰ বাহনত ইজৰাইললৈ যোৱাৰ পথত হামাছে প্ৰথম মুকলি কৰি দিলে কেইবাজনো যুদ্ধবন্দীক

চলিত মাহত সেই মিত্ৰতা আৰু অধিক সম্প্ৰসাৰিত হৈছে। ইতিমধ্যে বিদ্ৰোহী মিত্ৰজোঁটে কমেও পাঁচখন প্ৰদেশ দখল কৰিছে। চীনলৈ যোৱা মূল পথটোও তেওঁলোকৰ নিয়ন্ত্ৰণত আছে। ইয়াৰ ফলস্বৰূপে দ্বিপাক্ষিক বাণিজ্যৰ ক্ষতি হৈছে বুলি দাবী কৰিছে জুন্টা চৰকাৰে। এনে পৰিস্থিতিত ম্যানমাৰৰ জুন্টাই চীনৰ সমৰ্থন বিচাৰিছে।