• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ নিৰ্বাচনী যুঁজ : নৱ শৰণীয়াৰ বিকল্প বিচাৰি পোৱা নাই ৰাইজে!

অনির্বান পাঠক by অনির্বান পাঠক
April 5, 2019 4:53 pm
Kokrajhar

কোকৰাঝাৰ সমষ্টিৰ শীৰ্ষ চাৰিগৰাকী প্ৰাৰ্থী ক্ৰমে নৱ কুমাৰ শৰণীয়া, প্ৰমীলাৰাণী ব্ৰহ্ম,উৰ্খাও গৌৰা ব্ৰহ্ম আৰু শব্দ ৰাম ৰাভা।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণ নিৰ্বাচনৰ ৰাজনৈতিক গৰম বতাহ সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমতো পূৰ্ণ গতিত বলিছে। ভোটৰ যুদ্ধৰ বাবে ৰাজ্যখনৰ ১৪ টা সমষ্টিত ৰাজনৈতিক দল তথা প্ৰাৰ্থী সকলে তুংগত তুলিছে প্ৰচাৰ অভিযান। তেনে সময়ত অধিক আকৰ্ষণীয় হৈ পৰিছে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী যুঁজখন।

কোকৰাঝাৰ সমষ্টিত এইবাৰ ফলাফলক লৈ অধিক উৎকন্ঠাৰ থল দেখা গৈছে। কিয়নো কেইবাজনো ৰাজনৈতিক ৰথীৰ সমপৰ্যায়ৰ যুঁজে ধুৱলী কুঁৱলী কৰি ৰাখিছে সমষ্টিটোৰ ৰণখন। কোকৰাঝাৰত মনোনয়ন দাখিল কৰিছে ৮ গৰাকী প্ৰাৰ্থীয়ে।  এই সকলৰ ভিতৰত চাৰিগৰাকী প্ৰাৰ্থীক প্ৰভাৱশালী বুলি ক’ব পাৰি।

তেওঁলোকৰ ভিতৰত বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বি পি এফৰ প্ৰমিলাৰাণী ব্ৰহ্ম, কংগ্ৰেছৰ শব্দ ৰাম ৰাভা আৰু য়ু পি পি এলৰ উৰ্খাও গৌৰা ব্ৰহ্ম। কিন্তু এইবাৰ কাৰ কাৰ মাজত নিৰ্বাচনৰ মূল ৰণখন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

সমষ্টিটোত ২০১৪ চনত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ৬,৩৪,৪২৮ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰিছিল ২,৭৮,৬৪৯ টা আৰু বি পি এফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই লাভ কৰিছিল ২,৪৩,৭৫৯ টা ভোট।

উল্লেখ্য যে, ২০১৪ চনত বি টি চি অঞ্চলত অবড়ো সকলে সন্মুখীন হৈ অহা সমস্যাৰ বিপৰীতে এজন অবড়ো সমৰ্থিত প্ৰাৰ্থী আছিল নৱ কুমাৰ শৰণীয়া। বিভিন্ন অবড়ো সংগঠনৰ পূৰ্ণ সমৰ্থন আছিল শৰণীয়ালৈ। ইপিনে, কোকৰাঝাৰ সমষ্টিটো যদিও বি টি চি অঞ্চলৰ অধিকাংশ সামৰি গঠিত হৈছে তথাপিটো ইয়াত বড়ো ভোটাৰৰ সংখ্যা ৩০ শতাংশতকৈও কম। গতিকে অবড়োৰ বৃহৎ সমৰ্থনত নৱ কুমাৰ শৰণীয়াই যথেষ্ট ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু যোৱা পাঁচ বছৰৰ আগৰ পৰিবেশ এতিয়া সলনি হৈছে। শৰণীয়াৰ বিৰুদ্ধে আছে এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ। যোৱাবাৰ তেওঁক সমৰ্থন কৰা একাংশই এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ সমৰ্থনত থিয় দিছে।

ইপিনে, বি টি চি বা বড়ো অধ্যুষিত অঞ্চলত শক্তিশালী দল হিচাপে বিবেচিত হৈ আহিছে বিপিএফ। দলটোৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰো আছে এক শক্তিশালী ভেটি। কিন্তু এইবাৰ বৃহৎ সংখ্যক বড়ো ৰাইজৰ বিৰোধিতাৰ সন্মুখীন হ’ব বিপিএফ প্ৰাৰ্থীগৰাকী। কাৰণ বৰ্তমান পৃথক বড়োলেণ্ডৰ দাবী প্ৰায় এৰি দিয়া বিপিএফৰ ওপৰত ক্ষুন্ন এবছু, এন ডি এফ বি (প্ৰগতিশীল)।

পৃথক বড়োলেণ্ডৰ দাবীত সংগ্ৰাম অব্যাহত ৰখা এবছু, এন ডি এফ বি (প্ৰগতিশীল)য়ে সমৰ্থন দিছে য়ু পি পিল এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক। অৱশ্যে পৃথক বড়োলেণ্ডৰ দাবী এৰি দিয়াৰ বাবে বিপিএফে নৱ শৰণীয়াৰ প্ৰতি বিতুষ্ট কিছু অবড়োৰ ভোট পাব পাৰে। কিন্তু অগপ-বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ হৈ থাকিলেও বিপিএফে মিত্ৰজোঁটৰ হৈ কিমান ভোট পাব তাত সন্দেহৰ থল আছে।

ইপিনে, সমষ্টিটোত সংখ্যাগৰিষ্ঠতা নোহোৱা বড়োসকলৰ ভোট বিভাজন হোৱাৰ ফলত বিপিএফৰ প্ৰমিলাৰাণী ব্ৰহ্ম বা য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম দুয়োগৰাকীয়ে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইয়াৰ উপৰিও সমষ্টিটোত আছে আৰু আন কেইবাগৰাকীও প্ৰাৰ্থী, তেওঁলোকৰ প্ৰায়কেইগৰাকী বড়ো সম্প্ৰদায়ৰ। তেওঁলোকে জয়ী হ’ব নোৱাৰিলেও পানী ঘোলা কৰাটো নিশ্চিত। যাৰ বাবে বহুধা বিভক্ত হ’ব পাৰে বড়ো ৰাইজৰ ভোট।

তেনেক্ষেত্ৰত নৱ কুমাৰ শৰণীয়াৰ পুনৰ দিল্লী যাত্ৰা নিশ্চিত হ’ব নেকি? কিন্তু নৱ কুমাৰ শৰণীয়াই হয়তো জয়ী হ’ব পাৰে যদিও তেওঁৰ পথো মসৃন নহয় বুলি নৰ্থ-ইষ্ট নাওৰ আগত মন্তব্য কৰিছে বিটিচিৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম কৰা এজন অবড়ো সংগ্ৰামী হৰেশ্বৰ বৰ্মনে।

‘এইবাৰ ফলাফল কি হ’ব সেয়া এতিয়াই ক’ব পৰা হোৱা নাই। নৱ কুমাৰ শৰণীয়াৰ পৰা যিদৰে আশা কৰা হৈছিল সেই ধৰণেৰে তেওঁ কাম কৰিব পৰা নাই। অৱশ্যে যোৱা পাঁচ বছৰত পৰিস্থিতি বহু সুষ্ঠিৰ হৈছে। অবড়ো ৰাইজ যথেষ্ট সুৰক্ষিত হৈছে’, হৰেশ্বৰ বৰ্মনে কয়।

ইপিনে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত হৰেশ্বৰ বৰ্মণে এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে যে যোৱা পাঁচ বছৰত পৰিবেশ সুষ্ঠিৰ হোৱা বাবেহে কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলে এতিয়া কোকৰাঝাৰত প্ৰাৰ্থী থিয় কৰাব পাৰিছে। পূৰ্বে বহু ৰাজনৈতিক দলে তাত নিজৰ কাৰ্য্যালয় বন্ধ কৰিব দিবলগীয়া হৈছিল বুলিও তেওঁ মন্তব্য আগবঢ়ায়।

ইপিনে, এইবাৰ কোকৰাঝাৰত অবড়ো ভোটৰ বিভাজন হ’ব। অবড়ো সকলৰ এক শক্তিশালী সংগঠন ‘অবড়ো সুৰক্ষা সমিতি’য়ে যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক পূৰ্ণ সমৰ্থন দিছিল যদিও এইবাৰ দুভাগত বিভক্ত হৈছে সংগঠনটো। অবড়ো নেতা যোগেশ্বৰ কলিতাৰ নেতৃত্বত থকা ‘অবড়ো সুৰক্ষা সমিতি’ৰ এটা ভাগে সমৰ্থন দিব কংগ্ৰেছক।

গতিকে, কাৰ ভোট বিভাজনৰ ফলত কোন লাভবান হয় বা শেষত কাৰ শক্তি বেছি থাকে সেয়া জানিবলৈ ২৩ মেলৈ অপেক্ষা কৰিব লাগিব।

Tags: নিৰ্বাচন ২০১৯
অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd