দীৰ্ঘদিন পিতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত পুত্ৰ; কাৰাৰুদ্ধ পিতৃৰ ছবি আঁকি সম্পূৰ্ণ কৰাত ব্যস্ত নচিকেতা

index.jpg12

কাৰাৰুদ্ধ অখিল গগৈলৈ মনত পৰিছে পুত্ৰৰ৷

কাৰাৰুদ্ধ পিতৃৰ অনুপস্থিতিয়ে বাৰুকৈ চুইছে কণমানি নচিকেতাক৷

জাতিৰ বাবে মাত মাতি বিগত চাৰি মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে পিতৃ অখিল৷

ল’কডাউনৰ সময়ছোৱাত অখিল গগৈৰ পুত্ৰই সম্পূৰ্ণ কৰিবলৈ উঠি পৰি লাখিছে পিতৃৰ এখন ছবি৷

পিতৃক লগ নপোৱাৰ কাতৰ বেদনা বুকুত বান্ধি আঁকি গৈছে পিতৃৰ হাঁহি মুখীয়া এখন ছবি৷

অখিল গগৈৰ পত্নী ডঃ গীতাশ্ৰী তামুলীয়ে ফেচবুক যোগে প্ৰকাশ কৰিছে পুত্ৰই অঁকা স্বামীৰ ফটোখন৷

ৰামে প্ৰয়োজনত সোণৰ সীতা সজোৱা ৰাময়ণৰ কাহিনীৰ সৈতে ৰিজাই অখিল গগৈৰ পত্নীয়ে ফটোখনৰ সৈতে লিখে, “অনুপস্থিতিত উপস্থিতি ৰামে সোণৰ সীতা সজাইছিল প্ৰয়োজনত৷ আমাৰ ল’ৰাই অব্যক্ত দু:খানুভৱত নেকি নাজানো, এইখন সম্পূৰ্ণ কৰিবলৈ লাগি আছে।”

১২ ডিচেম্বৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক৷

এটাৰ পিচত আন এটা গোচৰত জাপি দি আজি পৰ্যন্ত চৰকাৰে আক্ৰোশমূলকভাৱে কাৰাবন্দী কৰি ৰখা অখিল গগৈ বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে৷

পিতৃক কাষত নাপাই পুত্ৰই ছবিখন সম্পূৰ্ণ কৰিয়ে যেন অনুভৱ কৰিব খুজিছে পিতৃৰ উপস্থিতি৷