পুনৰ অসমৰ ভূমিত নাগাৰ আগ্ৰাসন৷ প্ৰথমে অসমৰ সংৰক্ষিত অভয়াৰণ্যৰ গছ-গছনি কাটি নাগাই নিৰ্মাণ কৰে পকী দলং৷
পৰৱৰ্তী সময়ত অসমৰ ভূমিত নাগাই জংঘল কাটি নাগা NSCN ৰ কেম্প নিৰ্মাণ কৰাৰ প্ৰস্তুতি কৰিলে।
অসম নাগালেণ্ড সীমান্তৰ মৰিয়নীৰ ই ছেক্টৰত অৱস্থিত সংৰক্ষিত দিচৈভেলি অভয়াৰণ্যৰ মাজত এই নিৰ্মাণ কাৰ্য্য চলোৱা পৰিলক্ষিত হৈছে।
চলিত বছৰৰ জুলাই মাহত নাগাৰ আগ্ৰাসন ৰোধ কৰিবলৈ মৰিয়নী ৰাজহচক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ নেতৃত্বত যোৱা প্ৰশাসনৰ এটা দলে বন্ধ কৰিছিল দলং নিৰ্মাণৰ কাম৷
অসমৰ প্ৰশাসনৰ নিৰ্দেশনাক ভেঙুচালি কৰি নাগাই শেহতীয়াকৈ পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি পুনৰ দলংখনৰ পৰা কিছু নিলগত নিৰ্মাণ কৰিছে সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ কেম্প।
এই ধৰণৰ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকৰ অভিযোগত শনিবাৰে পুনৰ মৰিয়নী ৰাজহচক্ৰ বিষয়া আৰু মৰিয়নী খণ্ড বন বিষয়াই পৰিস্থিতিৰ বুজ লয়।