নাগালেণ্ডত ক’ভিড আক্ৰান্ত ১২৭লৈ বৃদ্ধি

642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

পাঁচগৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে নাগালেণ্ডত মঙলবাৰে মুঠ আক্ৰান্ত ১২৭লৈ বৃদ্ধি পাইছে।

নাগালেণ্ডৰ প্ৰধান সচিব (গৃ্হ) অভিজিত সিনহাই এই তথ্য সদৰী কৰিছে।

সিনহাই জনোৱা মতে মঙলবাৰে ১৫২টা নমুনা পৰীক্ষা কৰা হৈছিল। তাৰে ১১৪টা নিগেটিভ পোৱা গৈছে আৰু ৩৮টাৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা হৈছে।

ৰাজ্যখনত চিনাক্ত ১২৭গৰাকী আক্ৰান্তৰ ভিতৰত দহগৰাকীয়ে আৰোগ্য লাভ কৰিছে।

আজিৰ তাৰিখলৈকে ৰাজ্যখনত মুঠ ৪৭৩২টা নমুনা পৰীক্ষা কৰা হৈছে আৰু তাৰে ৩৫১৮টাৰ ফলাফল পোৱা হৈছে।

নাগালেণ্ডত বৰ্তমান ৫৯২২গৰাকী ব্যক্তি কুৱাৰেণ্টিন হৈ আছে।

ইফালে সিনহাই লগতে জনায় যে ডিমাপুৰৰ পৰা আজি বিয়লি ২.৩০ বজাত এখন বিশেষ ৰেল কেৰালাৰ তিৰুৱনন্তপুৰমলৈ বুলি ৰাওনা হৈছে।

ৰেলখনে নাগালেণ্ডত আবদ্ধ কেৰালা, তামিল নাডু, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ লোকক কঢ়িয়াই নিছে।

আনহাতে মঙলবাৰে ৰাতিলৈ ঝাৰখণ্ড আৰু বিহাৰৰ পৰা ১৭গৰাকী যাত্ৰী লৈ এখন আৰু মধ্য প্ৰদেশৰ পৰা ৩৪গৰাকী যাত্ৰী লৈ আন এখন বাছ নাগালেণ্ডত উপস্থিত হ’ব।