নাগালেণ্ডত নিৰ্বাচনকেন্দ্ৰিক সংঘাত: এন পি এফ আৰু এন পি পিৰ মাজত সংঘৰ্ষ

Nagaland Election

আজি অনুষ্ঠিত হৈছে নাগালেণ্ড বিধান সভা নিৰ্বাচন। ৰাজ্যখনত ভোটগ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হৈছে দলীয় সংঘৰ্ষৰ। কটকটকীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে দুটা ৰাজনৈতিক দলৰ মাজত সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।

সূত্ৰ অনুসৰি এই সংঘৰ্ষৰ সূচনা হৈছে নগা পিপলছ ফ্ৰণ্ট (এন পি এফ) আৰু নেশ্যনেল পিপলছ পাৰ্টি (এন পি পি)- ৰ সমৰ্থকৰ মাজত। নাগালেণ্ডৰ ৪০ নং ভাণ্ডাৰী সমষ্টিত দুয়োটা দলৰ সমৰ্থকৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হৈছে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি এন পি এফ সমৰ্থকে এন পি পি কৰ্মীক গুলীচালনা কৰি আহত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গুলীচালনা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই হৈছে বুলি জানিব পৰা গৈছে যদিও ইয়াৰ সবিশেষ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য, নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া ৪ বজালৈকে ভোটগ্ৰহণ চলিব। খেকাছে ছুমীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ পিছত নাগালেণ্ড বিধানসভা নিৰ্বাচনত মুঠ ১৮৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

নাগালেণ্ডৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দল কেইটা হৈছে বিজেপি, চিপিআই (১), আইএনচি (২৩), এনচিপি (১২), এনপিপি (১২), এনডিপিপি (৪০), এনপিএফ (২২), আৰপিপি (১), জেডি (ইউ ) (৭), এল জে পি (ৰাম বিলাস) (১৫), আৰ পি আই (আথাৱালে) (৯), আৰ জে ডি (৩) আৰু নিৰ্দলীয় প্ৰাৰ্থী ১৯ গৰাকী।

মন কৰিবলগীয়া যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ চাৰিগৰাকীহে মহিলা। ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা নাগালেণ্ডত আজিলৈকে এগৰাকীও মহিলা বিধায়ক হোৱাৰ নজিৰ নাই।