ভাৰতৰ লগতে ম্যানমাৰতো পৰে নাগালেণ্ডৰ এইখন গাওঁ; ইয়াৰ ৰজাৰ আছে ৬০ গৰাকী পত্নী

উত্তৰ-পূৰ্বাঞ্চল সঁচাকৈয়ে ভাৰতৰ এক বৈচিত্ৰ্যপূৰ্ণ আৰু এক অনাৱিস্কৃত অংশ।

ভাৰতৰ এনে এটা অনাৱিষ্কৃত অংশ হৈছে নাগালেণ্ডৰ এই গাওঁখন। গাওঁখন আছে নাগালেণ্ডৰ মন জিলাত।

লংৱা নামৰ এই গাওঁখন ইমান আকৰ্ষণীয়ভাৱে অৱস্থিত যে ই ভাৰতৰ লগতে ম্যানমাৰতো পৰে।

গাওঁখন ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত আৰু সেয়েহে ভৌগোলিকভাৱে দুয়োখন দেশেই ইয়াক ভাগ-বতৰা কৰি লৈছে।

লগতে পঢ়ক: দুৰ্গাপূজাৰ বাবে ২৯ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে পাব চলিত মাহৰ দৰমহা

আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল যে নাগালেণ্ডৰ এই গাওঁখনৰ মুৰব্বীগৰাকীৰ মুঠ ৬০ গৰাকী পত্নী আছে।

আউটলুক ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইয়াৰ ৰজাক অংঘ বুলি কোৱা হয় আৰু তেওঁৰ ৬০ গৰাকী পত্নী আছে।

অংঘ কেৱল এই গাওঁখনৰ ৰজাই নহয়, তেওঁ মুঠ ১০০ খন গাঁৱৰ ৰজা।

লগতে পঢ়ক: Moonlighting: ‘মুনলাইটিং’ৰ অপৰাধত ৩০০ কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰিলে উইপ্ৰোৱে! মানেনো নো কি?

অংঘ ৰজাৰ অধীনত থকা এই ১০০খন গাওঁ ম্যানমাৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত গাওঁবোৰ অৱস্থিত।

আমোদজনকভাৱে ভাৰত-ম্যানমাৰ সীমান্ত লংৱাত থকা অংঘৰ ঘৰৰ মাজেৰে পাৰ হৈ যোৱা বুলি ধৰা হয়। তদুপৰি, এই গাওঁখনৰ বাসিন্দাসকলৰ দ্বৈত নাগৰিকত্ব আছে।

আনহাতে, নাগালেণ্ডৰ লংৱাৰ গাওঁবাসীসকল ভাৰতৰ নাগৰিক হোৱাৰ লগতে তেওঁলোক ম্যানমাৰৰো নাগৰিক।

লগতে পঢ়ক: NASA Alert! ৭০ বছৰৰ পিছত পুনৰ পৃথিৱীৰ কাষ চাপিব বৃহস্পতি গ্ৰহ; বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

তেওঁলোকক কোনো ভ্ৰমণ নথি অবিহনে ভাৰত-ম্যানমাৰ সীমান্তত মুক্তভাৱে ঘূৰি ফুৰিবলৈ অনুমতি দিয়া হৈছে।