আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Nagaland-sppiner-750x375

মুম্বাই ইণ্ডিয়ানছৰ হৈ ছাপোর্ট প্লেয়াৰ হিচাপে নির্বাচিত খেইবৃৎছো কেনছে।

নাগালেণ্ডৰ ১৬ বছৰীয়া লেগ স্পীনাৰ খেইবৃৎছো কেনছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২১’ত মুম্বাই ইণ্ডিয়ানছত এগৰাকী ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত হৈছে।

নাগালেণ্ড ক্ৰিকেট এছ’চিয়েশ্যন, মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’কে ধৰি বিভিন্নজনে মুম্বাই ইণ্ডিয়ানছত এগৰাকী ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত হোৱা খেইবৃৎছো কেনছেক অভিনন্দন জনাইছে।

কেনছেক অভিনন্দন জনাই নাগালেণ্ড অলিম্পিক এছ’চিয়েশ্যনে টুইটাৰত লিখিছে,’’ আইপিএলত মুম্বাই ইণ্ডিয়ানছত এগৰাকী ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে নাগালেণ্ডৰ খেইবৃৎছো কেনছেলৈ অভিনন্দন। এয়া আগলৈ কেৰিয়াৰৰ পাতনি মেলা এক গৌৰৱময় আৰম্ভণি হোৱা উচিত।‘’

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই কয় যে তেওঁ আইপিএল ২০২১’ত খেইবৃৎছো কেনছেই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ বাবে নিৰ্বাচিত হোৱাৰ কথা জানিব পাৰি ‘সুখী’।

সেইদৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটন আৰু মুখ্যমন্ত্ৰীৰ উপদেষ্টা আবু মেহতাইয়ো টুইটাৰত খেইবৃৎছো কেনছেক অভিনন্দন জনাইছে।