ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ নকৰিলে সমাজখন ধ্বংসৰ দিশে গতি কৰিব : নগাঁও উকীল সন্থা

acf5dcb7-2120-4cbe-9e4b-3f5629091706

নগাঁও উকীল সন্থাৰ কাৰ্যালয়। ফটো : নৰ্থইষ্ট নাও

অতি সম্প্ৰতি ছ’চিয়েল মিডিয়াই সমাজত পেলোৱা বিৰূপ প্ৰভাৱে সমাজত অনাহুত পৰিস্থিতি সৃষ্টি কৰি অহাৰ সময়তে সোমবাৰে বিয়লি নগাঁও উকীল সন্থাই সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেল আয়োজন কৰে। নগাঁও উকীল সন্থাৰ সভাপতি গংগা বল্লভ গোস্বামীয়ে সংবাদ মেলত উল্লেখ কৰে যে ”বটদ্ৰৱাৰ লালুংগাঁৱৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ৰায় দিয়াৰ পিছত ছ’চিয়েল মিডিয়াত যিধৰণৰ অবাঞ্চিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা হৈছে, সেয়া খুবেই দুৰ্ভাগ্যজনক। আদালতৰ নিৰ্দেশ অনুসৰি অপৰাধী পক্ষৰ হৈ গোচৰ চলোৱা অধিবক্তাৰ বিৰুদ্ধে একাংশ লোকে আক্ৰোশমূলকভাৱে ছ’চিয়েল মিডিয়াযোগে অতি ভয়ানক অভিযোগ উত্থাপন কৰি অপপ্ৰচাৰ চলাইছে।”

সংবাদমেলত সভাপতি গোস্বামীয়ে আচামীজনৰো বাক্‌ স্বাধীনতা আছে বুলি উল্লেখ কৰি কয়, ”তেওঁ এজন দুৰ্ধৰ্ষ অপৰাধী হ’লেও আত্মপক্ষ সমৰ্থনৰ বাবে আইনী যুদ্ধত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব পাৰে। দৰিদ্ৰতা বা আন কাৰণত অপৰাধীৰ হৈ কোনো অধিবক্তা আগবাঢ়ি নাহিলে তেওঁ এজন নাগৰিক হিচাপে আইন সাহায্য সেৱা লাভ কৰাৰ সুবিধা সংবিধানে দিছে।‘’

‘’কিন্তু ইমানৰ পিছতো ছ’চিয়েল মিডিয়াত একাংশ লোকে সংবিধানে দিয়া সুবিধা প্ৰদান কৰিবলৈ যাওঁতে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি অশালীন মন্তব্যৰে অধিবক্তা সমাজৰ আত্মসন্মানত আঘাত হানিছে। এই মন্তব্যসমূহ সম্পূৰ্ণ আইনবিৰোধী। এনে হ’লে ন্যায় বিচাৰত বাধাৰ সৃষ্টি হ’ব পাৰে,’’- তেওঁ কয়।

গোস্বামীয়ে লগতে কয়, ‘’সম্প্ৰতি ছ’চিয়েল মিডিয়া বিশেষকৈ ফেচবুক, টুইটাৰ, ৱাটছএপ আদিত যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে সভ্য সমাজক লজ্জানত কৰা মন্তব্য প্ৰকাশ কৰি আমাৰ সমাজখনত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। ছ’চিয়েল মিডিয়াৰ এনে অপব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সকলোৰে ক্ষতি হ’ব।”

আনহাতে তেওঁ উল্লেখ কৰে যে আইন সাহায্য দিয়াটো মৌলিক অধিকাৰ। অপৰাধী পক্ষৰ হৈ অধিবক্তা নাথাকিলে গোচৰটোৱেই নচলে। সেয়ে বৰদোৱা কাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনৰ ক্ষেত্ৰত তেনে পৰিস্থিতি হোৱাত আদালতে একমাত্ৰ গোচৰটোৰ সু-বিচাৰৰ স্বাৰ্থত ধন খৰচ কৰি অধিবক্তা নিয়োগ কৰিছে।

তদুপৰি, তেওঁ বটদ্ৰৱা কাণ্ডৰ পৰা নজনাসকলে শিক্ষা ল’ব লাগিব বুলি উল্লেখ কৰি কয় যে শেহতীয়াকৈ নগাঁও আদালতত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভিজিৎ-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিব। ইয়াতো যদি কোনো অধিবক্তাই অভিযুক্তৰ পক্ষে আইনী সাহায্য দিবলগা হয়, তেন্তে অধিবক্তা সমাজ একাংশ আইন সম্পৰ্কে ধাৰণা নথকা লোকৰ আক্ৰোশৰ বলি হ’ব নেকি, এই লৈ এক ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে।

তেওঁ কয় যে ছ’চিয়েল মিডিয়াই যাতে সমাজখনক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰবাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ এইটোৱেই উপযুক্ত সময়। ইপিনে, ছ’চিয়েল মিডিয়াত একাংশ‌ই নগাঁও উকীল সন্থাই বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰে বুলি প্ৰকাশ কৰা সিদ্ধান্ত সন্দৰ্ভত উকীল সন্থাৰ সভাপতিগৰাকীয়ে কয় যে ই এক ভুৱা প্ৰচাৰহে।