২৩ মে’; নগাঁও জিলা প্ৰশাসনৰ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা

WhatsApp Image 2019-05-21 at 6.39.39 PM

নগাঁও জিলা প্ৰশাসনৰ সংবাদমেল।

১০ নং নগাঁও আৰু ১১ নং কলিয়াবৰ সংসদীয় সমষ্টিৰ নগাঁও নিৰ্বাচনী জিলাৰ অধীনস্থ সমষ্টিকেইটাৰ ভোট গণনাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অহা ২৩ মে’ৰ পুৱা ৮.৩০ বজাৰ পৰা ই ভি এম মেচিনৰ ভোট গননা প্ৰক্ৰিয়া আৰম্ভ হ’ব।

আজি উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত নগাঁও জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া যাদৱ শ‌ইকীয়াই  নগাঁও আৰু কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত মুঠ ৭ টা বিধান সভা সমষ্টিৰ ভোট গণনাৰ বাবে ইতিমধ্যে দুটা ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে বুলি জানিব দিয়ে।

তেওঁ সংবাদ মেলত, নগাঁও চহৰৰ ডচন স্কুলত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰহা, নগাঁও সদৰ, বঢ়মপুৰ বিধান সভা সমষ্টিৰ আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি বিধান সভা সমষ্টিৰ বাবে ভোট গণনা কৰা হ’ব বুলি উল্লেখ কৰে।

তদুপৰি, নগাঁও সংসদীয় সমষ্টিৰ আন ছটা বিধান সভা সমষ্টিৰ ভিতৰত লামডিং, হোজাই, যমুনামুখ সমষ্টিৰ ভোট গণনা হোজাইত আৰু মৰিগাঁও, লাহৰিঘাট, জাগীৰোড বিধান সভা সমষ্টিৰ ভোট গণনা মৰিগাঁও চহৰত অনুষ্ঠিত হ’ব।

আনহাতে, কলিয়াবৰ সংসদী‌য় সমষ্টিৰ আন ছটা বিধান সভা সমষ্টিৰ কলিয়াবৰ বিধান সভা সমষ্টিৰ ভোট গননা কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। বোকাখাট বিধান সভা সমষ্টিৰ ভোট গননা বোকাখাটত, গোলাঘাট আৰু সৰুপথাৰ বিধান সভা সমষ্টিৰ ভোট গননা গোলাঘাট নগৰত আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ ভোট গণনা যোৰহাটত অনুষ্ঠিত হ’ব।

প্ৰতিটো বিধান সভা সমষ্টিতে ২৫ ৰাউণ্ড পৰ্যন্ত ভোট গননা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। নগাঁও সংসদীয় সমষ্টিত এইবাৰ ভি ভি পেটযুক্ত বেলট মেচিনৰ জৰিয়তে ১৪,৯০,২১২ টা ভোটদান হোৱাৰ লগতে এই পৰ্যন্ত ৩৮৯০টা পোষ্টেল ভোটদান পোৱা গৈছে।

ইয়াৰ বিপৰীতে কলিয়াবৰ সংসদীয় সমষ্টিত এইবাৰ মুঠ ১৪,২১,৫০০ টা ভোটদান হোৱাৰ লগতে ৩,৭২৯ পোষ্টেল ভোটদান হৈছে। উপায়ুক্তগৰাকীয়ে এইবাৰৰ ভোট গণনা প্ৰক্ৰিয়া পুৱতি নিশা লৈকে চলাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে।

ইপিনে, সামগ্ৰিক ভোট গননা প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে নগাঁও সংসদীয় সমষ্টিৰ বাবে গোপাল মিনা আৰু কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে এন কে পয়াম পৰ্যবেক্ষক হিচাপে আহি নগাঁৱত উপস্থিত হৈছে। ভোট গণনা প্ৰক্ৰিয়া সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে দুয়োটা ষ্ট্ৰং ৰূমৰ ভিতৰে-বাহিৰে তিনি তৰপীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে বুলি সংবাদ মেলখনত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি কলিতাই জানিবলৈ দিছে। উল্লেখ্য যে, ভোট গণনা কেন্দ্ৰত ম’বাইল ফোন নিষিদ্ধ  কৰা হৈছে।